অনিৰ্দিষ্ট কালৰ বাবে বন্ধ কলিয়াবৰৰ শিলঘাটৰ মৰাপাট কলটো
নগাঁও, ০৩ফেব্ৰুৱাৰী (হি.স.)। অসম সমবায় মৰাপাট কলত মৃত্যুঘণ্টা। অনিৰ্দিষ্ট কালৰ বাবে বন্ধ কলিয়াবৰৰ শিলঘাটৰ মৰাপাট কলটো। জানুৱাৰীৰ শেষ ভাগৰ পৰাই সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে কলটোত উৎপাদন প্ৰক্ৰিয়া। মৰাপাটৰ দাম বৃদ্ধি আৰু কেচামালৰ অভাৱৰ অজুহাতত বন্ধ মৰা
অনিৰ্দিষ্ট কালৰ বাবে বন্ধ কলিয়াবৰৰ শিলঘাটৰ মৰাপাট কলটো


নগাঁও, ০৩ফেব্ৰুৱাৰী (হি.স.)। অসম সমবায় মৰাপাট কলত মৃত্যুঘণ্টা। অনিৰ্দিষ্ট কালৰ বাবে বন্ধ কলিয়াবৰৰ শিলঘাটৰ মৰাপাট কলটো। জানুৱাৰীৰ শেষ ভাগৰ পৰাই সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে কলটোত উৎপাদন প্ৰক্ৰিয়া। মৰাপাটৰ দাম বৃদ্ধি আৰু কেচামালৰ অভাৱৰ অজুহাতত বন্ধ মৰাপাট কলৰ উৎপাদন। সহস্ৰাধিক শ্ৰমিক-কৰ্মচাৰীৰ জীৱনলৈ নামি আহিছে ভাবুকি।

মৰাপাট কলৰ চৌহদত বৰ্তমান মৰিশালি সদৃশ পৰিৱেশ। সহস্ৰাধিক শ্ৰমিক-কৰ্মচাৰী নিয়োজিত হৈ থকা কলটোত বৰ্তমান নিমাওমাও পৰিৱেশ।অসমৰ জাতীয় সম্পদ শিলঘাটৰ মৰাপাত কলটো জীয়াই ৰখাৰ বাবে শ্ৰমিক কৰ্মচাৰী সকলে চৰকাৰৰ ওচৰত দাবী জনাইছে।মৰাপাত কলটোৰ ওপৰত নিৰ্ভৰ কৰি পৰোক্ষ আৰু প্ৰত্য়ক্ষ ভাবে নগাও আৰু ইয়াৰ পাৰ্ষবৰ্তী জিলাৰ কেইবা হাজাৰ পৰিয়াল পোহপাল গৈ আছিল।মৰাপাত কলটো বন্ধ হৈ যোৱাত বৰ্তমান কেইবা হাজাৰ পৰিয়ালৰ উপাৰ্জন শূণ্য় হৈ পৰিছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande