
ধুবুৰী, ০৩ ফেব্ৰুৱাৰী (হি.স.)। অসম চৰকাৰৰ মৈত্ৰী আচঁনিৰ অধীনত ২ কোটি ৩৩ লাখ টকা ব্যয় সাপেক্ষে চাপৰ আৰক্ষী থানাত নতুন গৃহৰ আধাৰশিলা স্থাপন কৰা হৈছে। ধুবুৰী জিলাৰ জেষ্ঠ আৰক্ষী অধীক্ষক দেবাশিষ বৰাই স্থাপন কৰে আধাৰশিলা আনহাতে গৃহৰ খুটাত কংক্ৰিটৰ ঢালি কামৰ শুভাৰম্ভ কৰে।
এই আঁচনিৰ উদ্দেশ্য হ'ল আৰক্ষী থানা সমূহক আধুনিকীকৰণ, জনমুখী আৰু আন্তঃগাঁথনি উন্নত কৰাৰ এক প্ৰকল্প । এই আঁচনিৰ জৰিয়তে ৰাজ্যৰ বিভিন্ন থানা নতুনকৈ নিৰ্মাণ কৰি তাত আধুনিক সা-সুবিধা, যেনে- উন্নত পৰিৱেশ, চাইবাৰ ক্ৰাইম চম্ভালিব পৰা ব্যৱস্থা আৰু জনসাধাৰণৰ বাবে বন্ধুসুলভ সেৱা নিশ্চিত কৰা।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা