
মুম্বাই, ০৩ ফেব্ৰুৱাৰী (হি.স.)। ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ সহযোগী প্ৰতিষ্ঠান ৰিলায়েন্স ষ্ট্ৰেটেজিক বিজনেছ ভেঞ্চাৰছ লিমিটেডে শিখ্যা এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ ৫০.১ শতাংশ অংশীদাৰিত্ব লাভ কৰি ছবি আৰু কন্টেন্টৰ ক্ষেত্ৰত নিজৰ উপস্থিতি শক্তিশালী কৰিছে।
প্ৰায় ১৫০ কোটি ₹ মূল্যৰ এই চুক্তিত নতুন বিনিয়োগৰ লগতে বৰ্তমানৰ অংশীদাৰিত্ব ক্ৰয় কৰাটোও অন্তৰ্ভুক্ত কৰা হৈছে। এই লেনদেনে জিঅ’ ষ্টুডিঅ’ক নিজৰ সৃষ্টিশীল শক্তি আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰসাৰ বৃদ্ধি কৰাত সহায় কৰিব।
শিখ্যা এণ্টাৰটেইনমেণ্ট হৈছে ভাৰতীয় প্ৰডাকচন কোম্পানী এটা প্ৰখ্যাত আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সন্মানীয় কোম্পানী। গুণিত মংগা কাপুৰ আৰু অচিন জৈনে প্ৰতিষ্ঠা কৰা এই কোম্পানীটোৱে ভাৰতীয় কাহিনীক বিশ্বব্যাপী স্বীকৃতি প্ৰদান কৰা অসংখ্য ছবি নিৰ্মাণ কৰিছে। শিখ্যা অনন্য কাৰণ ই অস্কাৰ বঁটা লাভ কৰা একমাত্ৰ ভাৰতীয় প্ৰডাকচন হাউছ। ইয়াৰ উল্লেখযোগ্য ছবিসমূহৰ ভিতৰত পিৰিয়ড: এণ্ড অৱ চেণ্টেন্স আৰু দ্য এলিফেণ্ট হুইছপাৰাৰ্ছ অন্যতম। ‘মছান’, ‘সুৰাৰাই পট্ৰু’, ‘কথাল’ আদি ছবিয়ে ইতিমধ্যে ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে।
ইতিমধ্যে জিঅ’ ষ্টুডিঅ’ই ডাঙৰ আৰু সফল ছবিৰ নিৰ্মাণ আৰু বিতৰণৰ কামত জড়িত হৈ আছে। এতিয়া শিখ্যাৰ বলিষ্ঠ গল্প কোৱাৰ দক্ষতাক জিঅ’ৰ বিস্তৃত নেটৱৰ্কৰ সৈতে সংযুক্ত কৰি ভাৰতীয় ছবি আৰু ধাৰাবাহিকসমূহে বিশ্বজুৰি দৰ্শকৰ কাষ চাপিব।
জিঅ’ ষ্টুডিঅ’ৰ সভাপতি জ্যোতি দেশপাণ্ডে কয় যে এই অংশীদাৰিত্ব ভাৰতীয় কাহিনীক বিশ্বব্যাপী মঞ্চ প্ৰদানৰ দিশত এক বৃহৎ পদক্ষেপ। গুণিত মংগা কাপুৰ আৰু অচিন জৈনে কয় যে এই সহযোগিতাই নতুন প্ৰতিভাক সুযোগ প্ৰদান কৰিব আৰু ভাৰতীয় চিনেমাক এক নতুন পৰিচয় প্ৰদান কৰিব।
हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী