
নতুন দিল্লী, ০৩ ফেব্ৰুৱাৰী (হি.স.)। ভাৰত-আমেৰিকাৰ বাণিজ্যিক চুক্তিক লৈ থকা যিকোনো সন্দেহ দূৰ কৰিবলৈ মঙলবাৰে সংসদত কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে এক বিবৃতি প্ৰকাশ কৰাৰ সম্ভাৱনা আছে।
চৰকাৰী সূত্ৰই ইয়াত এই তথ্য প্ৰদান কৰিছে। সোমবাৰে গভীৰ নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে হোৱা ফোন বাৰ্তালাপৰ পিছত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ছ’চিয়েল মিডিয়াত পোষ্ট কৰা, আৰু পৰৱৰ্তী সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে টুইটাৰত কৰা পোষ্টৰ পিছত এই চুক্তিক লৈ জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। ভাৰতৰ ওপৰত শুল্ক শীঘ্ৰে ১৮%লৈ হ্ৰাস কৰাৰ কথাও ঘোষণা কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ আমেৰিকা ভ্ৰমণৰ বাবে ৱাশ্বিংটনত থকাৰ সময়তে এই ঘোষণা কৰা হৈছে।
সূত্ৰসমূহে জনোৱা মতে, বাণিজ্য আৰু উদ্যোগ মন্ত্ৰীগৰাকীয়ে মুম্বাইৰ পৰা নতুন দিল্লীলৈ উভতি অহাৰ লগতে চুক্তিখনৰ সন্দৰ্ভত সংসদত এক বিবৃতি দিয়াৰ সম্ভাৱনা আছে, যাৰ ফলত চুক্তিখনৰ ৰূপৰেখা স্পষ্ট হ’ব।
সোমবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে ঘোষণা কৰে যে ভাৰত আৰু আমেৰিকাই এক বাণিজ্যিক চুক্তিত সন্মতি প্ৰকাশ কৰিছে, যাৰ অধীনত ৱাশ্বিংটনে ভাৰতীয় সামগ্ৰীৰ ওপৰত প্ৰতিশোধমূলক শুল্ক বৰ্তমানৰ ২৫%ৰ পৰা ১৮%লৈ হ্ৰাস কৰিব। ইয়াৰ উত্তৰত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে তেওঁ আনন্দিত যে মেড ইন ইণ্ডিয়া সামগ্ৰীৰ ওপৰত এতিয়া ১৮% হ্ৰাস কৰা শুল্ক আৰোপ কৰা হ'ব।
কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱালে এক্স-পোষ্টতো লিখিছে, এই চুক্তিয়ে কৃষক, এম এছ এম ই, উদ্যোগী, আৰু দক্ষ শ্ৰমিকৰ বাবে অভূতপূৰ্ব সুযোগ মুকলি কৰিব, যাৰ ফলত তেওঁলোকে বিশ্বৰ বাবে মেক ইন ইণ্ডিয়া, বিশ্বৰ বাবে ডিজাইন ইন ইণ্ডিয়া, আৰু বিশ্বৰ বাবে ইণ্ডিয়াত উদ্ভাৱন কৰিব পাৰিব। ইয়াৰ দ্বাৰা ভাৰতে আমেৰিকাৰ পৰা প্ৰযুক্তি আহৰণ কৰাত সহায় কৰিব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া