দেৰগাঁৱত এজিপি ৰ সংকল্প সমাৰোহ
গোলাঘাট, ০৩ ফেব্ৰুৱাৰী (হি.স.)। গোলাঘাট জিলাৰ দেৰগাঁও বিধানসভা সমষ্টিত আগন্তুক বিধানসভা নিৰ্বাচনত এন ডি এৰ প্ৰাৰ্থী থাকিব ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে খুমটাইৰ এক জনসভাত দেৰগাঁও বিধানসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী থাকিব বুলি উল্লেখ কৰাৰ পিছতেই একপ্ৰকাৰ উৎফু
দেৰগাঁৱত AGPৰ সংকল্প সমাৰোহ


দেৰগাঁৱত AGPৰ সংকল্প সমাৰোহ


গোলাঘাট, ০৩ ফেব্ৰুৱাৰী (হি.স.)। গোলাঘাট জিলাৰ দেৰগাঁও বিধানসভা সমষ্টিত আগন্তুক বিধানসভা নিৰ্বাচনত এন ডি এৰ প্ৰাৰ্থী থাকিব ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে খুমটাইৰ এক জনসভাত দেৰগাঁও বিধানসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী থাকিব বুলি উল্লেখ কৰাৰ পিছতেই একপ্ৰকাৰ উৎফুল্লিত হৈ পৰিছিল বিজেপিৰ শিবিৰ ৷ তাৰ পিছতেই সমষ্টিটোত বিজেপি দলৰ সাংগঠনিক তৎপৰতা বৃদ্ধি পাইছিল ৷

মঙ্গলবাৰে দেৰগাঁওৰ নৰেন শৰ্মা স্মৃতি পথাৰত অনুস্থিত সংকল্প সমাৱেশত কেইবা সহস্ৰাধিক অগপ কৰ্মীয়ে অংশগ্ৰহণ কৰি আগন্তুক নিৰ্বাচনৰ বাবে সাজু হোৱা পৰিলক্ষিত হ’ল ৷ এই সমাৱেশত অগপৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, সাংসদ ফনিভূষণ চৌধুৰী উপস্থিত থাকি অগপৰ শক্তি বৃদ্ধি কৰিবলৈ দলীয় কৰ্মীসকলক উল্লেখ কৰে ৷ দেৰগাঁও সমষ্টিত অগপৰ প্ৰাৰ্থী থাকিব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত সভাপতিগৰাকীয়ে এন ডি এ ৰ প্ৰাৰ্থী থাকিব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৷ দিল্লীত আলোচনাৰ পিছতহে কোন দলে কোনটো সমষ্টিত প্ৰতিদ্বন্দ্ব্বিতা কৰিব সেইয়া স্পষ্ট হ’ব বুলি উল্লেখ কৰে ৷ আনহাতে সমষ্টিটোত এন ডি এ ৰ এগৰাকীয়েই প্ৰাৰ্থী হ’ব নহ’লে ভোট বিভাজনৰ জড়িয়তে বিৰোধী লাভৱান হ’ব বুলি উল্লেখ কৰে সভাপতি অতুল বৰাই।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande