হোজাইৰ মোৰাঝাৰত শোকাৱহ পথ দুৰ্ঘটনাত ৪ বাইক আৰোহীৰ মৃত্যু
হোজাই, ০৩ ফেব্ৰুৱাৰী (হি.স.)। হোজাইৰ মোৰাঝাৰত শোকাৱহ পথ দুৰ্ঘটনাত ৪ বাইক আৰোহীৰ মৃত্যু। হোজাইৰ মোৰাঝাৰত দুটা পৃথক পৃথক পথ দুৰ্ঘটনাত নিহত হয় চাৰিজন বাইক আৰোহী। প্ৰথমটো দুৰ্ঘটনা মোৰাঝাৰৰ জয়নগৰত সংঘটিত হৈ দুজন বাইক আৰোহীৰ মৃত্যু হয়। এ এছ ৩১ চি
হোজাইৰ মোৰাঝাৰত শোকাৱহ পথ দুৰ্ঘটনাত ৪ বাইক আৰোহীৰ মৃত্যু


হোজাই, ০৩ ফেব্ৰুৱাৰী (হি.স.)। হোজাইৰ মোৰাঝাৰত শোকাৱহ পথ দুৰ্ঘটনাত ৪ বাইক আৰোহীৰ মৃত্যু। হোজাইৰ মোৰাঝাৰত দুটা পৃথক পৃথক পথ দুৰ্ঘটনাত নিহত হয় চাৰিজন বাইক আৰোহী।

প্ৰথমটো দুৰ্ঘটনা মোৰাঝাৰৰ জয়নগৰত সংঘটিত হৈ দুজন বাইক আৰোহীৰ মৃত্যু হয়। এ এছ ৩১ চি ০৯৩২ নম্বৰৰ ষোল্লচকীয়া ট্ৰাকখনে এএছ ৩১ জি ৩১৪৪ নম্বৰৰ বাইক খনক পাছফালৰ পৰা খুন্দিওৱাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়।

ষোল্লচকীয়া মালবাহী ট্ৰাকৰ খুন্দাৰ ফলত থিতাতে নিহত হয় দুই বাইক আৰোহী। নিহত বাইক আৰোহী দুজন লংকা জোৰাপুখুৰীৰ ৰতন দাস আৰু লংকাৰ মৰমী পথাৰৰ লক্ষীন্দৰ দাস বুলি চিনাক্ত হৈছে।

আনহাতেসদুখন মটৰ চাইকেলৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত থিতাতে নিহত হয় দুই বাইক আৰোহী। নিহত লোক দুজন হল ক্ৰমে চামৰালীৰ চৈয়দ ৰেহান উদ্দিন আৰু দীঘলজাৰৰ আব্দুল আহাদ বুলি চিনাক্ত কৰা হয় আনহাতে চাবিৰ আহমেদ নামৰ এজন বাইক আৰোহীক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।

উক্ত দুৰ্ঘটনাৰ পাছত আৰক্ষী আৰু এম্বুলেঞ্চ বাহন ধেৰিকৈ অহাত উত্তেজিত হৈ আৰক্ষীক জবাবদিহী কৰে ৰাইজে। এক প্ৰকাৰ আৰক্ষীলৈ চোচা লয় একাংশ উত্তেজিত লোকে।

ইপিনে দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনাৰ পাছত ঘটনাস্থলিত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় হোজাইৰ আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতী আৰু হোজাইৰ আৰক্ষী অধীক্ষকে। তীব্ৰ গতিৰ বাবে দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰি তদন্ত আৰম্ভ কৰিছে প্ৰশাসনে।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande