অসমৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে ২০ পইণ্টৰ ‘চাৰ্জ শ্বীট’ প্ৰকাশ প্ৰিয়ংকা গান্ধীৰ
গুৱাহাটী, ১৯ ফেব্ৰুৱাৰী (হি.স.)। অসমত উপস্থিত হোৱা কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে আজি ১৯ ফেব্ৰুৱাৰীত বিজেপি নেতৃত্বাধীন অসম চৰকাৰৰ বিৰুদ্ধে দুৰ্নীতি, অপূৰণীয় প্ৰতিশ্ৰুতি আৰু সংখ্যালঘুৰ মাজত ত্ৰাস (ভয়)ৰ পৰিৱেশ গঢ়ি তোলাৰ অভিযোগ উত্থাপন কৰি বি
অসমৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে ২০ পইণ্টৰ ‘চাৰ্জ শ্বীট’ প্ৰকাশ প্ৰিয়ংকা গান্ধীৰ


গুৱাহাটী, ১৯ ফেব্ৰুৱাৰী (হি.স.)। অসমত উপস্থিত হোৱা কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে আজি ১৯ ফেব্ৰুৱাৰীত বিজেপি নেতৃত্বাধীন অসম চৰকাৰৰ বিৰুদ্ধে দুৰ্নীতি, অপূৰণীয় প্ৰতিশ্ৰুতি আৰু সংখ্যালঘুৰ মাজত ত্ৰাস (ভয়)ৰ পৰিৱেশ গঢ়ি তোলাৰ অভিযোগ উত্থাপন কৰি বিজেপি নেতৃত্বাধীন অসম চৰকাৰৰ বিৰুদ্ধে ২০ পইণ্টৰ “চাৰ্জ শ্বীট” প্ৰকাশ কৰে।

আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে আজি বৃহস্পতিবাৰে গুৱাহাটীত উন্মোচন কৰা হয় এই নথিখন। কংগ্ৰেছে অভিযোগ কৰে যে ৰাজ্য প্ৰশাসনে “অবাধ দুৰ্নীতি”ত লিপ্ত হৈছে আৰু প্ৰশাসনৰ অপব্যৱহাৰ কৰি সমাজৰ কিছুমান বিশেষ শ্ৰেণীৰ মাজত নিৰাপত্তাহীনতা সৃষ্টি কৰিছে। বিৰোধী দলটোৱে আৰু দাবী কৰে যে চৰকাৰে নিজৰ কাৰ্যকালত দিয়া মূল আশ্বাসসমূহক পূৰণ কৰাত ব্যৰ্থ হৈছে, য’ত ছটা খিলঞ্জীয়া জনগোষ্ঠীক অনুসূচিত জনজাতি (এছ টি)ৰ মৰ্যাদা প্ৰদান কৰা আৰু চাহ বাগিচাৰ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰা আদিও আছিল।

কংগ্ৰেছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধেও গুৰুতৰ অভিযোগ উত্থাপন কৰে। মন্ত্ৰীসকলৰ ঘনিষ্ঠ সহযোগী আৰু পৰিয়ালৰ সদস্যৰ সৈতে “অবৈধভাৱে ধন জমা কৰা” বুলি অভিযোগ উত্থাপন কৰে। ইয়াৰ পূৰ্বেও বিজেপিয়ে ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত বুলি অভিহিত কৰি একেধৰণৰ অভিযোগ নাকচ কৰিছিল।

অসমৰ বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী পৰীক্ষণ সমিতিৰ অধ্যক্ষ প্ৰিয়ংকা গান্ধীয়ে দলৰ প্ৰচাৰৰ প্ৰস্তুতিৰ অংশ হিচাপে বৰ্তমান দুদিনীয়াকৈ ৰাজ্য খন ভ্ৰমণত আছে । কংগ্ৰেছৰ এই ২০ দফীয়া “চাৰ্জ শ্বীট” প্ৰকাশ কৰি আগন্তুক নিৰ্বাচনত বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰত্যাহ্বান জনোৱাৰ লক্ষ্যৰে দলটোৰ প্ৰচাৰ অভিযানৰ আগ্ৰাসী ভংগীমাৰ সংকেত প্ৰদান কৰিছে ।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande