আবুধাবিৰ ক্ৰাউন প্ৰিন্সৰ সৈতে মোডীৰ সাক্ষাৎ, এআইৰ সহযোগিতাৰ বিষয়ে চৰ্চা
নতুন দিল্লী, ১৯ ফেব্ৰুৱাৰী (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে ভাৰত এ আই ইমপেক্ট সন্মিলনত আবুধাবিৰ ক্ৰাউন প্ৰিন্স শ্বেখ খালিদ বিন মহম্মদ বিন জায়েদ আল নাহিয়ানৰ সৈতে দ্বিপাক্ষিক সহযোগিতাৰ বিষয়ে আলোচনা কৰে। বৈদেশিক মন্ত্ৰালয়ৰ মুখ
प्रधानमंत्री नरेन्द्र मोदी नई दिल्ली में इंडिया एआई इम्पैक्ट समिट 2026 के दौरान अबू धाबी के क्राउन प्रिंस शेख खालिद बिन मोहम्मद बिन जायद अल नाहयान से मुलाकात करते हुए।


নতুন দিল্লী, ১৯ ফেব্ৰুৱাৰী (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে ভাৰত এ আই ইমপেক্ট সন্মিলনত আবুধাবিৰ ক্ৰাউন প্ৰিন্স শ্বেখ খালিদ বিন মহম্মদ বিন জায়েদ আল নাহিয়ানৰ সৈতে দ্বিপাক্ষিক সহযোগিতাৰ বিষয়ে আলোচনা কৰে।

বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে এক্স-পোষ্টক জনোৱা মতে, প্ৰধানমন্ত্ৰী মোদীয়ে আবুধাবিৰ ক্ৰাউন প্ৰিন্স শ্বেখ খালিদ বিন মহম্মদ বিন জায়েদ আল নাহিয়ানক ভাৰত এ আই ইমপেক্ট সন্মিলনত সাক্ষাৎ কৰে। বৈঠকত দুয়োগৰাকী নেতাই ভাৰত আৰু সংযুক্ত আৰব আমিৰশ্বাহীৰ দ্বিপাক্ষিক সম্পৰ্কৰ বিষয়ে আলোচনা কৰে।

তেওঁ কয় যে বৈঠকত দুয়োগৰাকী নেতাই ঐতিহাসিক ভাৰত-ইউ এ ই সম্পৰ্কক স্মৰণ কৰি বিভিন্ন ক্ষেত্ৰত হোৱা অগ্ৰগতিৰ ওপৰত সন্তুষ্টি প্ৰকাশ কৰে। কৃত্ৰিম বুদ্ধিমত্তা (এআই)ৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ উপায়ৰ বিষয়েও আলোচনা কৰে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande