(শুধৰণি) ৰূপান্তৰৰ অসমে আৰু পিছলৈ ঘূৰি নাচায়, এতিয়া মাউণ্ট এভাৰেষ্টলৈ চকু দিব : মুখ্যমন্ত্ৰী
গুৱাহাটী, ১৯ ফেব্ৰুৱাৰী (হি.স.)। পঞ্চদশ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ অন্তিম দিনা আজি বৃহস্পতিবাৰে সদনত মুখ্যমন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মাই ৰাজ্যপালৰ ভাষণ ওপৰত ধন্যবাদসূচক প্ৰস্তাৱৰ উত্তৰ প্ৰদান কৰি ৰাজ্যত অস্থিৰতা আৰু দ্বিধাৰ পৰিৱেশ আঁতৰাই শান্তি আ
असम विधानसभा


গুৱাহাটী, ১৯ ফেব্ৰুৱাৰী (হি.স.)। পঞ্চদশ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ অন্তিম দিনা আজি বৃহস্পতিবাৰে সদনত মুখ্যমন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মাই ৰাজ্যপালৰ ভাষণ ওপৰত ধন্যবাদসূচক প্ৰস্তাৱৰ উত্তৰ প্ৰদান কৰি ৰাজ্যত অস্থিৰতা আৰু দ্বিধাৰ পৰিৱেশ আঁতৰাই শান্তি আৰু সম্প্ৰীতিৰ পৰিৱেশ গঢ়ি তোলাত ৰাজ্য চৰকাৰখনে ইতিবাচকভাৱে সফল হোৱা বুলি দাবী কৰে। সদনত অসমৰ উন্নয়নৰ খতিয়ান দাঙি ধৰি মুখ্যমন্ত্ৰীয়ে বিগত পাঁচ বছৰীয়া কাৰ্যকালত ৰাজ্যখনে বিচক্ষণ বিত্তীয় ব্যৱস্থাপনা, উন্নত নীতিৰ অনুসৰণ, ৰাজ্যৰ নিজা সম্পদ সংগ্ৰহ শক্তিশালী কৰাৰ বাবে কৰা অবিৰত প্ৰচেষ্টাৰ বাবে উল্লেখযোগ্য অগ্ৰগতি লাভ কৰাৰ লগতে শৈক্ষিক তথা নিযুক্তিৰ ক্ষেত্ৰত সৰ্বোচ্চ মূল্য আহৰণ কৰা বুলি মন্তব্য কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে জাতিৰ মংগলৰ বাবে কাম কৰি বিগত পাঁচ বছৰত শক্তি আৰু সীমাবদ্ধতাৰ প্ৰতি সচেতন হৈ থকাৰ পিছতো ৰাজ্যখনত ৰূপান্তৰ অনাৰ বাবে প্ৰসায় আৰু প্ৰচেষ্টা চলাই গৈছে, যাৰ বাবে অসমে আৰু পিছলৈ ঘূৰি চোৱাৰ পৰিৱৰ্তে এতিয়া উচ্চতাৰ মাউন্ট এভাৰেষ্টলৈ চকু দিব।

পঞ্চদশ অসম বিধান সভাৰ অন্তিম দিনা সদনত নিজৰ শেষ ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে তেওঁৰ ৰাজনৈতিক যাত্ৰাৰ বিষয়ে আলোকপাত কৰে। তেওঁ কয় যে অসম বিধান সভাত তেওঁ ২৫ বছৰ পূৰ্ণ কৰিলে ৷ যোৱা নিশা অধ্যক্ষই আয়োজন কৰা নৈশ ভোজত কথাটো অধ্যক্ষই মনত পেলাই দিছিল। মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজনীতিত হৰা-জিকা থাকেই। তেওঁ প্ৰথমটো নিৰ্বাচন খেলিছিল ১৯৯৬ চনত। সেইবাৰ নিৰ্বাচনত ১৭ হাজাৰ ভোটত মই হাৰিছিল। কিন্তু তাৰ পাছৰ নিৰ্বাচনবোৰত ২০০১ চনৰ পৰা জিকি আহিছে আৰু প্ৰতিটো নিৰ্বাচনত ভোট লাভৰ হাৰ বাঢ়ি আছে। মুখ্যমন্ত্ৰীয়ে কয় যে আমাক ভোট নিদিয়াসকল আমাৰ শত্ৰু নহয়। মুখ্যমন্ত্ৰীয়ে যুৱ ৰাজনীতিকক ভোট নিদিয়াসকলকো সেৱা কৰাৰ আহ্বান জনায়। তেওঁ কয় যে জনপ্ৰতিনিধি হিচাপে আমাৰ সুযোগ, ৰাজ্যৰ বাবে, সমষ্টিৰ সৰ্বসাধাৰণ সকলোৰে বাবে সেৱা কৰিব লাগিব।

মুখ্যমন্ত্ৰীৰ পাঁচবছৰীয়া কাৰ্যকালীত ৰাজ্যৰ অৰ্থনৈতিক দিশটো সৱল হোৱা বুলি দাবী কৰি কয় যে অসম ভাৰতৰ ভিতৰতে দ্ৰুততম বিকাশশীল ৰাজ্য হিচাপে পৰিগণিত হৈছে। বিগত পাঁচ বছৰত অসমে বিত্তীয় ব্যৱস্থাপনাত দেখুওৱা অসাধাৰণ পাৰদৰ্শিতাৰ প্ৰতি স্বীকৃতি প্ৰদান কৰি ষষ্ঠদশ বিত্তীয় আয়োগে অসমৰ পাৰস্পৰিক অংশীদাৰিত্ব ৩.২৫৮ শতাংশলৈ বৃদ্ধি কৰিছে। ইয়ে অসমৰ স্থিতি যথেষ্ট উন্নত কৰিছে, যাৰ ফলত অহা বৰ্ষত অসমলৈ ৫০,০০০ কোটি টকাৰো অধিক কেন্দ্ৰীয় পূঁজিৰ অভূতপূৰ্ব হস্তান্তৰণ হ’ব। একেদৰে স্থিৰ মূল্য হিচাপত ৰাজ্যখনৰ মুঠ ঘৰুৱা উৎপাদন বৃদ্ধি পাইছে। বৰ্তমানৰ মূল্য অনুসৰি মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন ২০২১-২২ বিত্তীয় বৰ্ষৰ তুলনাত উৎসাহজনক বৃদ্ধিৰ হাৰ প্ৰতিফলিত কৰা হৈছে আৰু অসমৰ অৰ্থনৈতিক জৰীপে ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাবে ১৬.৯৩ শতাংশ বৃদ্ধিৰ হাৰ প্ৰক্ষেপ কৰি ৰাজ্যিক ঘৰুৱা উৎপাদন ৮,৭১,৪৫১ কোটি টকা হব বুলি অনুমান কৰা হৈছে। এই হাৰ বজাই ৰাখিব পাৰিলে ২০৩০ চনৰ ভিতৰত ৰাজ্যখনৰ অৰ্থনীতি ১০ লাখ কোটি টকাৰ অৰ্থনীতি হৈ পৰিব বুলিও মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে। তেওঁ কয় যে ৰাজ্য চৰকাৰে বজাই ৰখা বৃদ্ধিৰ গতিবেগৰ বাবেই প্ৰতিশ্ৰুতিতকৈ বহু আগবাঢ়ি দুবছৰ পূৰ্বে ২০২৮ ত এই লক্ষ্যত উপনীত হ’ব ৰাজ্য।

মুখ্যমন্ত্ৰীয়ে তেওঁৰ ভাষণত কয় যে ৰাজ্যখনৰ অৰ্থনীতিৰ উত্থানৰ সমান্তৰালকৈ দেশৰ ভিতৰত অসমত দ্ৰুতগতিত জনমূৰি আয় বৃদ্ধি পাইছে। তেওঁ কয়,যে বিগত ৫ বছৰত দুগুণ হৈছে ৰাজ্যৰ জনমূৰি আয়। ২০২০-২১ত জনমূৰি আয় আছিল ৮৬,৯৪৭ টকা। আনহাতে ২০২৫-২৬ত জনমূৰি আয় হৈছে ১,৮৫,৪২৯ টকা। ৫ বছৰত ৰাজ্যৰ জনমূৰি আয় ১১৩ শতাংশ বৃদ্ধি হৈছে। তেওঁ কয় যে পাঁচ বছৰত জনমুৰি আয়ৰ ৮৩ শতাংশ বৃদ্ধিয়ে ৰাজ্যখনক এইক্ষেত্ৰত দেশৰ ভিতৰতে আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা ৰাজ্য হিচাপে পৰিগণিত কৰিছে। এই ক্ষেত্ৰত অসমে অহা বছৰ পশ্চিমবংগক চেৰ পেলাব। একেদৰে ৰাজ্যৰ কৰ সংগ্ৰহ ব্যৱস্থাও উন্নত হৈছে আৰু বিগত পাঁচ বছৰত গড়ে ১৩ শতাংশতকৈ অধিক হাৰত বৃদ্ধি পাইছে। সেই অনুসৰি ২০২৪-২৫ বিত্তীয় বৰ্ষত ৰাজ্য চৰকাৰৰ নিজা কৰ সংগ্ৰহ ৩০,০০০ কোটিতকৈ অতিক্ৰম কৰিছে। তেওঁ কয় যে বিগত পাঁচ বছৰত ৰাজহ আহৰণ শক্তিশালী হোৱাৰ সমান্তৰালকৈ বহুলাংশে সম্পদ সৃষ্টি কৰা হৈছে।

মুখ্যমন্ত্ৰীয়ে কয় যে বৈদ্যুতিক যোগানৰ ক্ষেত্ৰতো ৰাজ্যখনে উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে। গ্ৰামাঞ্চলত ২২-২৩ ঘন্টা সময় বিদ্যুত যোগান কৰা হৈছে। নিৰ্মাণ সম্পূৰ্ণ হোৱা কপিলী হাইড্ৰ পাৱাৰ প্ৰকল্প আগন্তুক ১০ দিনত মুকলি কৰা হ’ব। লগতে কাৰ্বি লংপিত ২৫ মেগাৱট হাইড্ৰ প্ৰকল্প স্থাপন কৰা হৈছে। এই ক্ষেত্ৰত পাৱাৰ ছাৰপ্লাছৰ দিশত আমি গৈ আছোঁ।

ইফালে নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে মুখ্যমন্ত্ৰীয়ে কয় যে বিগত নিৰ্বাচনত ১লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি দিছিল। এইক্ষেত্ৰত পাঁচ বছৰত প্ৰায় ১ লাখ ৬৫ হাজাৰক নিযুক্তি দিলে ৷ তেওঁ কয় যে নিযুক্তিৰ ক্ষেত্ৰত চৰকাৰে পাৰদৰ্শিতাৰে নিযুক্তি দিছে। স্বচ্ছতাৰ সৰ্বোচ্চ মূল্য আহৰণ কৰিছে চৰকাৰে। মুখ্যমন্ত্ৰীয়ে কয় যে এডিআৰই পৰীক্ষাত কেলেংকাৰী হোৱা বুলি হাইকৰ্টত গোচৰ নাই ৷ সদনত বিৰোধীৰো প্ৰতিবাদ নাই ৷ ৰাজনীতি কৰণৰ বাদে চাকৰি প্ৰাৰ্থীৰো আক্ষেপ নাই। এজন মুখ্যমন্ত্ৰীৰ বাবে ইয়াতকৈ আৰু কি প্ৰাপ্তি লাগে বুলিও মুখ্যমন্ত্ৰীয়ে ব্যক্ত কৰে ৷ চৰকাৰী চাকৰি দিয়াৰ ক্ষেত্ৰত নতুন কমিটী গঠন কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে শিক্ষা বিভাগতে ৫৫ হাজাৰজনক অহাবাৰ প্ৰথম দুবছৰতে নিযুক্তি দিয়া হ'ব।

মুখ্যমন্ত্ৰীয়ে কয় যে চৰকাৰী চাকৰিৰে নিবনুৱা সমস্যাৰ সমাধান কৰিব নোৱাৰি আৰু ইয়াৰ বিকল্প গঢ়ি তুলিব লাগিব। উদ্যোগীকৰণৰ নতুন ৰূপৰেখা দাঙি ধৰিব লাগিব। এডভান্টেজ অসমৰ কৰ্মসূচীৰে অসমত হেজাৰ হেজাৰ কোটি টকাৰ বিনিয়োগ কৰিলে ৰাজ্যৰ পৰা যুৱক-যুৱতীসকলে কৰ্মসংস্থাপন বিচাৰি বহিৰাজ্যলৈ যাব নেলাগিব। ইয়াৰ বাবে আদানি, আম্বানি, হিন্দুজা, টাটা আদি সংস্থাসমূহৰ সহায়ত ৰাজ্যত সংস্থাপনৰ বাট মুকলি কৰিব লাগিব।

ভাষণত মুখ্যমন্ত্ৰীয়ে স্বাস্থ্য, গড়কাপ্তানি, বিত্তমন্ত্ৰী, শিক্ষামন্ত্ৰীকে ধৰি মন্ত্ৰীসকলৰ কামকাজৰ প্ৰশংসা কৰে। অৰুণোদয় আঁচনি, মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ অধীনত আত্মসহায়ক গোটলৈ বিত্তীয় সহায়তা আগবঢ়োৱা, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান, চাহ বাগিছা শ্ৰমিকক মাটিৰ পট্টা প্ৰদান কৰাৰ দৰে জনকল্যাণৰ কাম কৰি নতুন অসম, ৰূপান্তৰৰ অসম নিৰ্মাণেৰে পাঁচ বছৰত ৰাইজৰ কাম কৰাৰ প্ৰচেষ্টা কৰিছে। আইন শৃংখলাৰ উন্নয়নৰ আলোকপাত কৰি তেওঁ কয় ধেমাজিৰ বোমা বিস্ফোৰণে সিক্ত কৰি ৰখা অসমত যোৱা ১০ বছৰত এটাও বোমা বিস্ফোৰণ হোৱা নাই। যোৱা ৫বছৰত অসমত অসমীয়া ডেকাৰ তেজৰ চেকুৰা মাটিত পৰা নাই। যোৱা ৫টা বছৰ আছিল পৰিৱৰ্তনৰ ৫টা বছৰ। মনমোহন সিঙে অসমৰ পৰাই ৰাজ্যসভাক প্ৰতিনিধিত্ব কৰিছে। প্ৰধানমন্ত্ৰী হৈ মনমোহন সিং মাত্ৰ দুবাৰ অসমলৈ আহিছিল। ইয়াৰ বিপৰীতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বছৰত চাৰি পাঁচ বাৰ আহিছে। ১৯৫০ৰ বৰভূঁইকপ, আলফাৰ সশস্ত্ৰ সংগ্ৰাম, ১৯৭৮ৰ অসম আন্দোলনৰ ফলত মেৰুদণ্ড ভঙা অসম মাতৃ পুনৰ ঠন ধৰি উঠিছে। আদৰ্শ, বিকাশ আৰু অস্তিত্ব লৈ আগবাঢ়ি যোৱাৰ প্ৰয়াস কৰিছে। মুখ্যমন্ত্ৰীয়ে কয় যে অসমে আৰু পিছলৈ ঘূৰি নাচায়। অসমে এতিয়া মাউণ্ট এভাৰেষ্টলৈ চকু দিব। অহা ৫ বছৰত অসমৰ নৱ প্ৰজন্মক উৎসাহিত কৰিব। জননী জন্মভূমিৰ সুৰক্ষাৰ সংকল্পৰে আগবাঢ়ি যাব। জাতিক প্ৰৱঞ্চনা নকৰা এই ৫টা বছৰে গ্ৰহণ কৰা বিধানসভাৰ ভূমিকাক ইতিহাসে মনত ৰাখিব আৰু শ্ৰদ্ধা আৰু সন্মানেৰে সোঁৱৰণ কৰিব।

উল্লেখ্য় যে পঞ্চদশ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ অন্তিম দিনা আজি বৃহস্পতিবাৰে সদনত মুখ্যমন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মাই ৰাজ্যপালৰ ভাষণ ওপৰত ধন্যবাদসূচক প্ৰস্তাৱৰ উত্তৰ প্ৰদান কৰি থকাৰ সময়ত ৰাইজৰ দলৰ একমাত্ৰ অখিল গগৈয়ে বিভিন্ন প্ৰশ্নৰে ব্য়তিব্য়স্ত কৰাৰ চেষ্টা চলোৱা পৰিলক্ষিত হৈছিল। এইক্ষেত্ৰত এই অধিৱেশনৰ অন্তিম দিনটোত সদনৰ গৰিমা বজাই ৰাখিবলৈ অধ্য়ক্ষ বিশ্বজিত দৈমাৰীয়ে বাৰে বাৰে আহ্বান জনায়। ইফালে অসম লোকসেৱা আয়োগ সম্পৰ্কীয় বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন দাখিল তথা সভাস্থগিত প্ৰস্তাৱ উত্থাপন কৰি অনুমতি নোপোৱাত সদন ত্য়াগ কৰে কংগ্ৰেছৰ সদস্য়সকলে। ইফালে এই বিষয়ত মুখ্য়মন্ত্ৰীয়ে কটাক্ষ কৰি কয় যে ‘‘প্ৰিয়ংকা গান্ধী অহাৰ বাবেই ৰাইজৰ দোহাই দি সদন ত্যাগ কৰিলে কংগ্ৰেছীয়ে। সদনৰ পৰা ওলাই গৈ প্ৰিয়ংকা গান্ধীৰ মিটিঙত বহিব কংগ্ৰেছীসকল।’’

হিন্দুস্থান সমাচাৰ


 rajesh pande