দেশৰ শীৰ্ষ দহটা কোম্পানীৰ ভিতৰত ছটা কোম্পানীৰ মাৰ্কেট কেপ ৩ লাখ কোটিতকৈ অধিক হ্ৰাস
নতুন দিল্লী, ১৫ ফেব্ৰুৱাৰী (হি.স.)। ঘৰুৱা শ্বেয়াৰ বজাৰত যোৱা ব্যৱসায়িক সপ্তাহত ক্ৰয়-বিক্ৰয়ৰ বাবে দেশৰ শীৰ্ষ দহটা মূল্যৱান কোম্পানীৰ ভিতৰত ছটা কোম্পানীৰ বজাৰ মূল্য ৩ লাখ কোটিতকৈ অধিক হ্ৰাস পাইছে। দেশৰ সৰ্ববৃহৎ আই টি কোম্পানী টাটা কনছালটেন্সি চা
प्रतीकात्मक


নতুন দিল্লী, ১৫ ফেব্ৰুৱাৰী (হি.স.)। ঘৰুৱা শ্বেয়াৰ বজাৰত যোৱা ব্যৱসায়িক সপ্তাহত ক্ৰয়-বিক্ৰয়ৰ বাবে দেশৰ শীৰ্ষ দহটা মূল্যৱান কোম্পানীৰ ভিতৰত ছটা কোম্পানীৰ বজাৰ মূল্য ৩ লাখ কোটিতকৈ অধিক হ্ৰাস পাইছে। দেশৰ সৰ্ববৃহৎ আই টি কোম্পানী টাটা কনছালটেন্সি চাৰ্ভিচেছ (টিচিএছ)ৰ সৰ্বাধিক লোকচান হয়। একেদৰে লোকচানৰ ক্ষেত্ৰত দ্বিতীয় স্থান লাভ কৰিছে আই টি জায়ান্ট ইনফ’ছিছে। আনহাতে, শীৰ্ষ দহটা কোম্পানীৰ ভিতৰত চাৰিটা কোম্পানীৰ মাৰ্কেট কেপ এই সপ্তাহত ১.৬৮ লাখ কোটি টকাতকৈ অধিক বৃদ্ধি পাইছে, ইয়াৰে সৰ্বাধিক লাভ হৈছে ভাৰতীয় ষ্টেট বেংক।

এই সপ্তাহৰ ব্যৱসায়ৰ সময়ছোৱাত টাটা কনছালটেন্সি চাৰ্ভিচেছ (টিচিএছ), ইনফ’ছিছ, এইচডিএফচি বেংক, ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ, লাইফ ইনশ্বুৰেন্স কৰ্প’ৰেশ্যন অৱ ইণ্ডিয়া (এলআইচি), আৰু ভাৰতী এয়াৰটেলৰ মাৰ্কেট কেপ ৩,০০,৭০৬.২১ কোটি টকা হ্ৰাস পাইছে। আনহাতে ভাৰতীয় ষ্টেট বেংক (এছ বি আই), বাজাজ ফাইনেন্স, লাৰ্চেন এণ্ড টৌব্ৰো আৰু আই চি আই চি আই বেংকৰ মাৰ্কেট কেপ ১,৬৮,৮৩১.৬৭ কোটি টকা বৃদ্ধি পাইছে।

উল্লেখ্য যে ০৯ ফেব্ৰুৱাৰীৰ পৰা ১৩ ফেব্ৰুৱাৰীৰ ভিতৰত টাটা কনছালটেন্সি চাৰ্ভিচেছৰ মাৰ্কেট কেপ ৯০,১৯৮.৯২ কোটি টকা হ্ৰাস পাই ৯,৭৪,০৪৩.৪৩ কোটি টকা হয়। একেদৰে ইনফ’ছিছৰ মাৰ্কেট কেপ ৭০,৭৮০.২৩ কোটি টকা হ্ৰাস পাই ৫,৫৫,২৮৭.৭২ কোটি টকা হয়। ইয়াৰ উপৰিও এইচ ডি এফ চি বেংকৰ মাৰ্কেট কেপ ৫৪,৬২৭.৭১ কোটি টকা হ্ৰাস পাই ১৩,৯৩,৬২১.৯২ কোটি, ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ মাৰ্কেট কেপ ৪১,৮৮৩ কোটি টকা হ্ৰাস পাই ১৯,২১,৪৭৫.৭৯ কোটি, ভাৰতীয় জীৱন বীমা নিগমৰ মাৰ্কেট কেপ ২৩,৯৭১.৭৪ কোটি টকা হ্ৰাস পাই ৫,৪৬,২২৬.৮০ কোটি টকা আৰু ভাৰতী এয়াৰটেলৰ বজাৰ মূল্য সোমবাৰৰ পৰা শুকুৰবাৰলৈ ব্যৱসায়ৰ পিছত ১৯,২৪৪.৬১ কোটি টকা হ্ৰাস পাই ১১,৪৩,০৪৪.০৩ কোটি টকা হয়।

আনহাতে ভাৰতীয় ষ্টেট বেংকৰ মাৰ্কেট কেপ ১,২২,২১৩.৩৮ কোটি টকা বৃদ্ধি পাই ১১,০৬,৫৬৬.৪৪ কোটি টকা হৈছে। একেদৰে বাজাজ ফাইনেন্সৰ মাৰ্কেট কেপ ২৬,৪১৪.৪৪ কোটি টকা জঁপিয়াই ৬,৩৭,২৪৪.৬৪ কোটি টকা হয়। ইয়াৰ উপৰিও লাৰ্চেন এণ্ড টৌব্ৰ’ৰ মাৰ্কেট কেপ ১৪,৪৮৩.৯০ কোটি টকা বৃদ্ধি পাই ৫,৭৪,০২৮.৯৩ কোটি টকা আৰু আইচিআইচিআই বেংকৰ মাৰ্কেট কেপ ৫,৭১৯.৯৫ কোটি টকা বৃদ্ধি পাই ১০,১১,৯৭৮.৭৭ কোটি টকা হয়।

মাৰ্কেট কেপৰ ক্ষেত্ৰত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ ১৯,২১,৪৭৫.৭৯ কোটি টকাৰ মাৰ্কেট কেপিটেলাইজেচনেৰে দেশৰ সৰ্বাধিক মাৰ্কেট কেপ থকা কোম্পানী হৈয়েই আছে। ইয়াৰ পিছতে এইচ ডি এফ চি বেংক (মুঠ মাৰ্কেট কেপ ১৩,৯৩,৬২১.৯২ কোটি টকা), ভাৰতী এয়াৰটেল (মুঠ মাৰ্কেট কেপ ১১,৪৩,০৪৪.০৩ কোটি টকা), ষ্টেট বেংক অৱ ইণ্ডিয়া (মুঠ মাৰ্কেট কেপ ১১,০৬,৫৬৬.৪৪ কোটি টকা), আই চি আই চি আই বেংক (মুঠ মাৰ্কেট কেপ ১০,১১,৯৭৮.৭৭ কোটি টকা), টি চি এছ (মুঠ মাৰ্কেট কেপ ৯,৭৪,০৪৩.৪৩ কোটি টকা), বাজাজ ফাইনেন্স (মুঠ মাৰ্কেট কেপ ৬,৩৭,২৪৪.৬৪ কোটি টকা), লাৰ্চেন এণ্ড টৌব্ৰ’ (মুঠ মাৰ্কেট কেপ ৫,৭৪,০২৮.৯৩ কোটি টকা), ইনফ’ছিছ (মুঠ মাৰ্কেট কেপ ৫,৫৫,২৮৭.৭২ কোটি টকা) আৰু ভাৰতীয় জীৱন বীমা নিগম (এল আই চি) (মুঠ বজাৰ মূল্য ৫,৪৬,২২৬.৮০ কোটি টকা) শীৰ্ষ ১০ টা আটাইতকৈ মূল্যৱান কোম্পানীৰ তালিকাত দ্বিতীয়ৰ পৰা দশম স্থানত আছিল।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande