
যোৰহাট, ১৫ ফেব্ৰুৱাৰী (হি.স.)। টীয়ক প্ৰেছ ক্লাবৰ ২৯ সংখ্যক প্ৰতিষ্ঠা দিৱস সম্পন্ন । বিশিষ্ট সমাজকৰ্মী প্ৰদীপ চুতীয়ালৈ টীয়ক গৌৰৱ বঁটা -২০২৬ ।
এখন বাতৰি কাকত এহেজাৰটা বন্দুকতকৈও শক্তিশালী ড. বসন্ত কুমাৰ গোস্বামী ।
এখন বাতৰি কাকত এহেজাৰটা বন্দুকতকৈও শক্তিশালী।-এই মন্তব্য অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীৰ। আজি টীয়ক প্ৰেছ ক্লাবৰ ২৯ সংখ্যক প্ৰতিষ্ঠা দিৱসত মুখ্য অতিথি হিচাপে অংশ লৈ বিশিষ্ট সাহিত্যিক গৰাকীয়ে সংবাদ মাধ্যম আৰু সাংবাদিকৰ দায়িত্ব আৰু কৰ্তব্য সম্পৰ্কত কেতবোৰ ব্যৱহাৰিক আৰু সময়োপযোগী মন্তব্য আগবঢ়ায়।
সংবাদ মাধ্যমৰ প্ৰাসংগিকতা সম্পৰ্কে ক'বলৈ গৈ তেওঁ এখন বাতৰি কাকতক এহেজাৰটা বন্দুকতকৈও শক্তিশালী বুলি উল্লেখ কৰে। টীয়কৰ সমাজ জীৱনৰ লগত সংপৃক্ত হৈ থকা তথা টীয়ক মফচলীয় সংবাদ কৰ্মী সকলৰ উমৈহতীয়া মঞ্চ টীয়ক প্ৰেছ ক্লাবে আজি ২৮ বছৰ অতিক্ৰম কৰি ২৯ বছৰত ভৰি দিয়ে।সেই উপলক্ষত আজি দিনযোৰা কাৰ্যসূচীৰে হৰিনাৰায়ণ বৰুৱা স্মৃতি ভৱনত অতীত ৰোমন্থন কৰি উদযাপন কৰে প্ৰতিষ্ঠা দিৱস। এই উপলক্ষে পুৱা পতাকা উত্তোলন কৰে টীয়ক প্ৰেছ ক্লাবৰ সভাপতি বিজু তনুৱালে আৰু স্মৃতি তৰ্পণ কৰে প্ৰেছ ক্লাৱৰ উপদেষ্টা নিৰ্মলেন্দু পাঠকে । দুপৰীয়াৰ ভাগত অনুষ্ঠিত হয় মুকলি সভা। টীয়ক প্ৰেছ ক্লাবৰ সম্পাদক দিগন্ত হাজৰিকাই আঁত ধৰা অনুষ্ঠানটি সংস্কৃত পণ্ডিত ডঃ অকণ চন্দ্ৰ শইকীয়াই বন্তি প্ৰজ্বলন আৰু সাংস্কৃতিক কৰ্মী অশোক কুমাৰ বৰাৰ মংগলাচৰণেৰে শুভাৰম্ভ ঘটে।প্ৰেছ ক্লাবৰ সভাপতি বিজু তনোৱালৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত প্ৰেছ ক্লাবে প্ৰৱৰ্তন কৰা টীয়ক গৌৰৱ বঁটা -২০২৬ আগবঢ়োৱা হয় বিশিষ্ট সমাজকৰ্মী তথা টীয়ক জাতীয় বিদ্যালয় আৰু জ্ঞানপীঠ একাডেমীৰ সঞ্চালক প্ৰদীপ চুতীয়ালৈ। এই বঁটাত আছে এটা প্ৰতীকী গড়,চেলেং, গামোচা, স্মাৰক, সম্বৰ্ধনা পত্ৰ আৰু নদগ পাঁচ হাজাৰ টকা।উল্লেখ্য যে শিক্ষকতাৰে কৰ্মজীৱন আৰম্ভ কৰা প্ৰদীপ চুতীয়াই অসম আন্দোলনত সময়ৰ আহ্বানত চাকৰি ইস্তফা দি আন্দোলনত জড়িত হৈ পৰিছিল আৰু সময়ৰ সোঁতত এগৰাকী সমাজ কৰ্মী হিচাপে নিজকে গঢ়ি তুলিবলৈ সক্ষম হৈছিল।
আধুনিক টীয়কৰ অন্যতম এগৰাকী বাটকটীয়া ৰূপে পৰিচিত প্ৰদীপ চুতীয়াৰ লগতে কেইগৰাকীমান ব্যক্তিৰ আশাশুধীয়া প্ৰচেষ্টাত ২০০১ চনত জন্ম হৈছিল টীয়ক জাতীয় বিদ্যালয় আৰু ২০০৭ চনত তেওঁৰ লগতে টীয়কৰ কেইবাগৰাকীও শিক্ষানুৰাগীৰ প্ৰচেষ্টাত ভুমিস্থ হৈছিল জ্ঞানপীঠ একাডেমী। দুয়োটা অনুষ্ঠানৰ সঞ্চালকৰ দৰে গুৰুদায়িত্ব পালন কৰি আহিছে বঁটা প্ৰাপক প্ৰদীপ চুতীয়াই। সম্প্ৰতি দুয়োখন শিক্ষানুষ্ঠানেই লেখত ল'বলগীয়া বৰঙণি আগবঢ়াই আহিছে টীয়কৰ সমাজ জীৱনলৈ।প্ৰেছ ক্লাবৰ উপদেষ্টা ৰিজু কুমাৰ শইকীয়াই আদৰণি ভাষণ প্ৰদান কৰা এই অনুষ্ঠানত ভাৰত চৰকাৰৰ কেন্দ্ৰীয় বৈদেশিক মন্ত্ৰী প্ৰৱিত্ৰ মাৰ্ঘেৰিটা উপস্থিত থকাৰ কথা আছিল যদিও চৰকাৰী কৰ্মসূচীৰ বাবে উপস্থিত থাকিব নোৱাৰিলে যদিও তেওঁৰ প্ৰতিনিধি হিচাপে বিজেপিৰ জিলা সভাপতি তথা প্ৰাক্তন সাংবাদিক শান্তনু পূজাৰীয়ে আমন্ত্ৰিত অতিথি হিচাপে অংশ লৈ টীয়ক গৌৰৱ বঁটা প্ৰাপক প্ৰদীপ চুতীয়াক অভিনন্দন জনোৱাৰ লগতে টীয়ক প্ৰেছ ক্লাবৰ এনে যোগাত্মক চিন্তাৰ শলাগ লয়।
এই অনুষ্ঠানতে অসম চৰকাৰৰ শিল্পী পেন্সন লাভ কৰা গুৰু সংস্কৃতিৰ সাধক কৃষ্ণপদ কলিতাক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। উল্লেখ্য যে প্ৰতি দুবছৰৰ মূৰে মূৰে টীয়ক প্ৰেছ ক্লাবে টীয়ক গৌৰৱ বঁটা প্ৰদান কৰি আহিছে।সেই অনুসৰি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন পদাধিকাৰ প্ৰয়াত মুখেশ্বৰ শইকীয়াৰ পৰা আৰম্ভ কৰি লোক শিল্পী প্ৰয়াত বদন মলীয়া, ধুলীয়া শিল্পী বগাই ওজা, বলাই ওজা, সংস্কৃত পণ্ডিত ডঃ অকণ চন্দ্ৰ শইকীয়া, শিশু সাহিত্যিক-শিক্ষাবিদ হিমেন ভট্টাচাৰ্য, নাট্য কুৰ্মী ৰমেন শৰ্মা, প্ৰচ্ছদ শিল্পী ডঃ ভাৰত বৰাৰ পাছত ২০২৬ বৰ্ষত প্ৰদীপ চুতীয়াক এই বটাঁৰে সন্মানিত কৰা হয়। আজিৰ অনুষ্ঠানত জেষ্ঠ নাগৰিক সন্থাৰ সভাপতি সুৰেন শইকীয়া, অৱসৰী শিক্ষক নিৰেণ শৰ্মা পাঠক, টীয়ক পৌৰসভাৰ পৌৰপতি লাকী বৰবৰা, বিশিষ্ট চিকিৎসক যদুনাথ বুঢ়াগোহাঁই, জিতু হাজৰিকা, প্ৰাক্তন পৌৰপতি ৰফিক উজ জামান, জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয়ৰ অধ্যাপক ডঃ মণ্টু কুমাৰ বড়া,সহযোগী অধ্যাপক উপেন চন্দ্ৰ দাস,চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ ৰেক্টৰ ডঃ বিনয়ব্ৰত ৰাজখোৱা, কাকজান মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক তুফেল জিলানী, হোলোঙাপাৰ জিলা পৰিষদৰ সদস্য ৰূপক ৰঞ্জন শইকীয়াকে মুখ্য কৰি ভালে সংখ্যক গণ্যমান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু