
অভিনেতা ৰণবীৰ কাপুৰে দীঘলীয়া প্ৰডাকচন টাইম আৰু ছবি মুক্তিৰ পলমৰ বিষয়ে মুকলিকৈ প্ৰকাশ কৰে। অনুৰাগীৰ সৈতে ইনষ্টাগ্ৰাম লাইভত হোৱা এক মত-বিনিময়ৰ সময়ত তেওঁ স্বীকাৰ কৰে যে ছবিৰ পলম তেওঁৰ কেৰিয়াৰৰ এক আৰ্হিত পৰিণত হৈছে। তেওঁ কয়, যেতিয়া আন মানুহে ছবি আৰম্ভ কৰে তেতিয়া ছমাহত সম্পূৰ্ণ হয়, কিন্তু মোৰ ছবিবোৰে সময় লয়। অৱশ্যে ছবিখন মুক্তি পালে দৰ্শকে পাহৰি যায় যে ছবিখন নিৰ্মাণ কৰিবলৈ কিমান সময় লাগিছিল। ৰণবীৰে প্ৰকাশ কৰে যে বিগত তিনি বছৰ ধৰি তেওঁ আগন্তুক প্ৰকল্পসমূহত অক্লান্তভাৱে কাম কৰি আহিছে।
অভিনেতাগৰাকীয়ে নিশ্চিত কৰিছে যে নিতেশ তিৱাৰীৰ পৰিচালিত ৰামায়ণ: পাৰ্ট ১ তেওঁৰ পৰৱৰ্তী মুক্তিপ্ৰাপ্ত ছবি হ’ব। ২০২৬ চনৰ দীপাৱলীত ছবিগৃহত মুক্তি পাব ছবিখন । লাইভৰ সময়ত এজন অনুৰাগীয়ে আঙুলিয়াই দিছিল যে ছবিখনৰ মুক্তি তেওঁৰ কন্যা ৰিয়াৰ জন্মদিনৰ লগত মিলিব, যিটোক ৰণবীৰে “সুন্দৰ কাকতলীয়া কাকতল” বুলি অভিহিত কৰে। লগতে তেওঁ স্পষ্ট কৰি দিয়ে যে ৰামায়ণৰ পিছত মুক্তি পাব লাভ এণ্ড ৱাৰ আৰু ২০২৬ চনৰ ডিচেম্বৰ বা ২০২৭ চনৰ আৰম্ভণিতে আহিব বুলি আশা কৰা হৈছে।
ৰণবীৰে আৰু কয় যে ব্ৰহ্মষ্ট্ৰ ২ৰ কাম চলি আছে আৰু আশা কৰাতকৈ আগতে শ্বুটিং আৰম্ভ হ'ব পাৰে। এনিমেল পাৰ্কৰ শ্বুটিংও অহা বছৰৰ মাজভাগৰ ভিতৰত আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। য়েহ জৱানী হায় দীৱানী ২ক লৈ চলি থকা বু-বা তেওঁ নাকচ কৰি কয় যে বৰ্তমান ইয়াৰ কোনো পৰিকল্পনা নাই। মন কৰিবলগীয়া যে তেওঁৰ পূৰ্বৰ ছবি এনিমেল-এ বক্স অফিচৰ কেইবাটাও অভিলেখ ভংগ কৰি ₹৯০০ কোটিৰো অধিক উপাৰ্জন কৰিছিল।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া