
কৰাচী, ১৫ ফেব্ৰুৱাৰী (হি.স.)। পাকিস্তানৰ সিন্ধ প্ৰদেশৰ খাইৰপুৰ জিলাৰ টাণ্ডো মাস্তীৰ সমীপত বালি কঢ়িয়াই অনা বাছ এখনে আন এখন ট্ৰেইলাৰৰ সৈতে সংঘৰ্ষত লিপ্ত হোৱাত ১১ জন লোকৰ মৃত্যু হয়। আজি পুৱা উদ্ধাৰকাৰী বিষয়াই জনোৱা মতে, নিহতসকলৰ ভিতৰত ৯ জন যাত্ৰী আৰু পঞ্জাৱৰ পৰা কৰাচীলৈ যোৱা এখন বাছৰ চালক আৰু কণ্ডাক্টৰ আছে।
এধি ফাউণ্ডেশ্যনৰ উদ্ধৃতিৰে জিঅ’ নিউজে প্ৰকাশ কৰা অনুসৰি এই দুৰ্ঘটনাত ১০ জনতকৈ অধিক লোক আহত হৈছে। সকলোৱে খাইৰপুৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। দুৰ্ঘটনাৰ পিছতে সিন্ধৰ আৰক্ষী মহাপৰিদৰ্শকে খৈৰপুৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকক ততাতৈয়াকৈ দুৰ্ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান চোৱাচিতা কৰিবলৈ নিৰ্দেশ দিয়ে।
ইফালে, শুকুৰবাৰে এম-৯ মটৰৱে’ৰ কাঠোৰৰ সমীপত বহু বাহনৰ সংঘৰ্ষত কমেও ১৪ জন লোক নিহত হোৱাৰ লগতে কেইবাজনো আহত হয়। এখন তেল টেংকাৰ, এখন বাছ আৰু আন কেইবাখনো বাহনৰ সংঘৰ্ষত সংঘটিত হয় এই দুৰ্ঘটনা। উদ্ধাৰকাৰী বিষয়াই নিশ্চিত কৰিছে যে মৃতসকলৰ ভিতৰত মহিলা আৰু শিশুও আছে। এই সংঘৰ্ষৰ ফলত কেইবাজনো যাত্ৰী দলঙৰ পৰা বাগৰি পৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া