
ইছলামাবাদ, ১৫ ফেব্ৰুৱাৰী (হি.স.)। ৬২ সংখ্যক মিউনিখ নিৰাপত্তা সন্মিলনৰ সময়ত শনিবাৰে জাৰ্মানীত আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ৰ সৈতে আঞ্চলিক আৰু বিশ্ব নিৰাপত্তা আৰু সন্ত্ৰাসবাদ বিৰোধী কৌশল সম্পৰ্কে চৰ্চা কৰে পাকিস্তানৰ ফিল্ড মাৰ্শ্বাল, প্ৰতিৰক্ষা বাহিনীৰ মুৰব্বী (চিডিএফ) আৰু সেনাধ্যক্ষ চৈয়দ আছিম মুনিৰে।
জিঅ’ নিউজে আন্তঃসেৱা জনসংযোগ (আই এছ পি আৰ)ৰ উদ্ধৃতি দি এই তথ্য প্ৰকাশ কৰিছে। কথা-বতৰাৰ সময়ত দুয়োপক্ষই পাৰস্পৰিক স্বাৰ্থৰ বিষয়েও আলোচনা কৰে। মুনিৰে এই সন্মিলনত অংশগ্ৰহণৰ বাবে ১২ ফেব্ৰুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈ জাৰ্মানী ভ্ৰমণ কৰিছিল। জাৰ্মানী, ব্ৰাজিল আৰু লেবাননৰ সামৰিক বিষয়াসকলৰ সৈতেও তেওঁ বিশ্ব শান্তিৰ বিষয়ে আলোচনা কৰে।
পাকিস্তানৰ শীৰ্ষ সামৰিক বিষয়াই জাৰ্মানীৰ গৃহ মন্ত্ৰী আলেকজেণ্ডাৰ ডব্ৰিণ্ড, জাৰ্মান চ্যান্সেলৰৰ নিৰাপত্তা উপদেষ্টা গুণ্টাৰ ছাউটাৰ আৰু প্ৰতিৰক্ষা মুৰব্বী জেনেৰেল কাৰ্ষ্টেন ব্ৰুয়াৰৰ সৈতে সাক্ষাৎ কৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া