মহাশিৱৰাত্ৰি উৎসৱত ক্ৰিকেট তাৰকাসকলৰ শুভেচ্ছা জ্ঞাপন
নতুন দিল্লী, ১৫ ফেব্ৰুৱাৰী (হি.স.)। ভগৱান ভোলেনাথৰ পূজা আৰু অৰ্চনৰ পবিত্ৰ উৎসৱ মহাশিৱৰাত্ৰি দেওবাৰে সমগ্ৰ দেশতে ভক্তি আৰু উৎসাহেৰে পালন কৰা হৈছে। এই উপলক্ষে ভাৰতীয় ক্ৰিকেট জগতৰ বহু তাৰকাই মহাশিৱৰাত্ৰিৰ শুভেচ্ছা জনাই সুখ আৰু সমৃদ্ধিৰ কামনা কৰে। প
महादेव


নতুন দিল্লী, ১৫ ফেব্ৰুৱাৰী (হি.স.)। ভগৱান ভোলেনাথৰ পূজা আৰু অৰ্চনৰ পবিত্ৰ উৎসৱ মহাশিৱৰাত্ৰি দেওবাৰে সমগ্ৰ দেশতে ভক্তি আৰু উৎসাহেৰে পালন কৰা হৈছে। এই উপলক্ষে ভাৰতীয় ক্ৰিকেট জগতৰ বহু তাৰকাই মহাশিৱৰাত্ৰিৰ শুভেচ্ছা জনাই সুখ আৰু সমৃদ্ধিৰ কামনা কৰে।

প্ৰাক্তন প্ৰবীণ স্পিনাৰ হৰভজন সিঙে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত মহাশিৱৰাত্ৰিৰ অভিনন্দন জনোৱাৰ সময়ত সকলোৰে শক্তি, সুখ, শান্তি আৰু মানুহৰ জীৱনত সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা কৰে। তেওঁ নিজৰ বাৰ্তাত শিৱ প্ৰশংসাৰ শ্লোক শ্বেয়াৰ কৰে -

''কৰচৰণ কৃতম বাক্কায়াজন কৰ্মজ ৱা।শ্ৰৱনায়নজন ৱা মানস ৱাপৰাধম।। বিহিতমৱিহিতম ৱা সৰ্বমেতত ক্ষমস্ৱ। জয় জয় কৰুণাবধে শ্ৰী মহাদেৱ শম্ভো।।

ইয়াৰ লগতে তেওঁ লিখিছে যে ভগৱান ভোলেনাথৰ অপৰিসীম কৃপাত সকলোৰে জীৱনত সুখ, শান্তি আৰু সমৃদ্ধিৰে ভৰি পৰক। মহাদেৱে আপোনাৰ সকলো দুখ-কষ্ট লাঘৱ কৰক আৰু আপোনাক সৎ, সাহস, সফলতাৰ পথত ৰাখক। ওম নম শিৱয়। হৰ হৰ মহাদেৱ।

ভাৰতীয় প্ৰাক্তন বেটছমেন সুৰেশ ৰাইনাই তেওঁৰ বাৰ্তাত লিখিছে, শিৱ সত্য, শিৱ সৌন্দৰ্য্য, শিৱ অসীম। আমাৰ সকলোৰে জীৱনত শিৱৰ স্থিৰতা, গংগাৰ বিশুদ্ধতা, নন্দীৰ ভক্তি হওক। আপোনালোক আৰু আপোনাৰ পৰিয়ালক মহাশিৱৰাত্ৰীৰ আন্তৰিক শুভেচ্ছা জনাইছো।

ভাৰতীয় ক্ৰিকেট দলৰ উইকেটকীপাৰ-বেটছমেন ঋষভ পন্তে সকলোকে মহাশিৱৰাত্ৰীৰ শুভেচ্ছা জনাই ইনষ্টাগ্ৰামত লিখিছে, হৰ হৰ মহাদেৱ। এই মহাশিৱৰাত্ৰিত সকলোকে শান্তি আৰু শক্তি কামনা কৰিছো।

প্ৰাক্তন অ’পেনাৰ শিখৰ ধাৱনে লিখিছে, মহাশিৱৰাত্ৰিৰ বাবে আন্তৰিক শুভেচ্ছা। মহাদেৱে সকলোকে শক্তি আৰু শান্তি প্ৰদান কৰক। হৰ হৰ মহাদেৱ।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande