
নতুন দিল্লী, ১৫ ফেব্ৰুৱাৰী (হি.স.)। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মঙলবাৰে বেংগালুৰুত ফ্ৰান্সৰ সৈতে ষষ্ঠ ভাৰত-ফ্ৰান্স বাৰ্ষিক প্ৰতিৰক্ষা আলোচনাৰ সহ-অধ্যক্ষতা কৰিব । এই আলোচনাত ফ্ৰান্সৰ সশস্ত্ৰ বাহিনীৰ মন্ত্ৰী কেথেৰিন ভ’ট্ৰিনেও অংশগ্ৰহণ কৰিব।
প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ তথ্য অনুসৰি এই বৈঠকত দুয়োখন দেশৰ মাজত প্ৰতিৰক্ষা সহযোগিতা পৰ্যালোচনা কৰাৰ লগতে প্ৰতিৰক্ষা উদ্যোগিক সহযোগিতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব। প্ৰতিৰক্ষা সহযোগিতা চুক্তিখন আৰু ১০ বছৰৰ বাবে নবীকৰণ হ’ব পাৰে। লগতে হামাৰ মিছাইলৰ যৌথ উৎপাদনৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা আছে। ভাৰত আৰু ফ্ৰান্সৰ সেনাৰ মাজত পাৰস্পৰিক বিষয়া নিয়োগ কৰাৰ কথা ঘোষণা কৰিব পাৰে দুয়োখন দেশে।
এই বৈঠকৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে কৰ্ণাটকৰ ভেমগালত টাটা এয়াৰবাছ এইচ ১২৫ হেলিকপ্টাৰ চূড়ান্ত সমাবেশ (এচেম্বলী) প্লাণ্ট ভাৰ্চুৱেলি উদ্বোধন কৰিব। এই অনুষ্ঠানৰ সাক্ষী হ’ব দুয়োগৰাকী প্ৰতিৰক্ষা মন্ত্ৰীয়ে।
মন্ত্ৰালয়ৰ তথ্য অনুসৰি ভাৰত আৰু ফ্ৰান্সৰ মাজত প্ৰতিৰক্ষা সহযোগিতা দুয়োখন দেশৰ সম্পৰ্কৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ। দুয়োখন দেশে নিয়মিতভাৱে শক্তি, বৰুণ, গৰুড় সামৰিক অনুশীলন কৰে। প্ৰতিৰক্ষা মন্ত্ৰী হোৱাৰ পিছত কেথেৰিন ভ’ট্ৰিনৰ এয়া হ’ব প্ৰথম ভাৰত ভ্ৰমণ। ইয়াৰ পূৰ্বে ২০২৩ চনৰ অক্টোবৰ মাহত ফ্ৰান্সত পঞ্চম প্ৰতিৰক্ষা আলোচনা অনুষ্ঠিত হৈছিল।
हिन्दुस्थान समाचार / অৰৱিন্দ