
নতুন দিল্লী, ১৫ ফেব্ৰুৱাৰী (হি.স.)। অষ্ট্ৰেলিয়াৰ তাৰকা অলৰাউণ্ডাৰ এনাবেল ছাথাৰলেণ্ডক ২০২৬ চনৰ সন্মানীয় বেলিণ্ডা ক্লাৰ্ক বঁটাৰে সন্মানিত কৰা হৈছে। এই সন্মান অষ্ট্ৰেলিয়াৰ এগৰাকী মহিলা ক্ৰিকেটাৰক দিয়া সৰ্বোচ্চ ব্যক্তিগত বঁটা। ছাথাৰলেণ্ডে একেৰাহে দ্বিতীয়বাৰৰ বাবে এই বঁটা লাভ কৰে।
ক্ৰিকেট অষ্ট্ৰেলিয়াই দেওবাৰে ঘোষণা কৰে যে ছাথাৰলেণ্ডে ৭৭টা ভোট লাভ কৰি এই বঁটা লাভ কৰিছে। মাত্ৰ তিনিটা ভোটত পিছ পৰি থকা বেথ মুনীয়ে ৭৪টা ভোট লাভ কৰাৰ বিপৰীতে আলানা কিঙে ৫৬টা ভোট লাভ কৰি তৃতীয় স্থানত আছে।
পুৰুষ আৰু মহিলা দলৰ ব্যস্ত আন্তঃৰাষ্ট্ৰীয় কাৰ্যসূচীৰ বাবে এইবাৰ অষ্ট্ৰেলিয়ান ক্ৰিকেট বঁটা প্ৰদান অনুষ্ঠান পৰম্পৰাগত ৰূপত অনুষ্ঠিত কৰিব পৰা নগ’ল। এছ চি জি মেম্বাৰ্ছ লং ৰুমত অনুষ্ঠিত এক বিশেষ উপস্থাপন অনুষ্ঠানত ছাথাৰলেণ্ডক এই সন্মান প্ৰদান কৰা হয়।
ছাথাৰলেণ্ডে তেওঁৰ অসাধাৰণ প্ৰদৰ্শনৰ বাবে এদিনীয়া বছৰৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটাও লাভ কৰাৰ বিপৰীতে বেথ মুনীক টি-২০ আন্তঃৰাষ্ট্ৰীয় বছৰৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত কৰা হয়। বছৰৰ ঘৰুৱা খেলুৱৈৰ বঁটা লাভ কৰে নিকোলা কেৰীয়ে।
ছাথাৰলেণ্ড হৈছে একেৰাহে বেলিণ্ডা ক্লাৰ্ক বঁটা লাভ কৰা পঞ্চমগৰাকী মহিলা খেলুৱৈ। তেওঁৰ পূৰ্বে কেৰেন ৰ’লটন (২০০২-০৩, ২০০৫-০৬), লিজা ষ্টেলেকাৰ (২০০৭-০৮), শ্বেলী নিচকে (২০০৯-১২), আৰু মেগ লেনিং (২০১৪-১৫) এই পুৰস্কাৰ লাভ কৰিছিল।
বঁটা লাভ কৰাৰ লগে লগে ছাথাৰলেণ্ডে কয় যে মহান ব্যক্তিসকলৰ ভিতৰত অন্তৰ্ভুক্ত হোৱাটো “অতি বিশেষ”। এই মুহূৰ্তত অভিজ্ঞতাটো আপ্লুত আৰু অলপ বিশ্বাস কৰিব নোৱাৰা যেন লাগে বুলিও ব্যক্ত কৰে।
ছাথাৰলেণ্ডে কয় যে, বেলিণ্ডা ক্লাৰ্কৰ পৰা এই বঁটা লাভ কৰি মই গভীৰভাৱে কৃতজ্ঞ। বিগত ১২ মাহত দলটোৰ সফলতাত মই অৰিহণা যোগোৱাৰ কথা জানিও এক বৃহৎ অনুভৱ হৈছে।
যোৱা এটা বছৰত সকলো ফৰ্মেটতে ব্যতিক্ৰমীভাৱে ভাল প্ৰদৰ্শন কৰিছে ছাথাৰলেণ্ডে। ১৫.৬৩ গড়ে ২৭টা উইকেট দখল কৰাৰ লগতে ৪১.৬৬ গড়ে ২৫০ ৰান সংগ্ৰহ কৰি তেওঁৰ অল ৰাউণ্ড দক্ষতাক প্ৰতিফলিত কৰে।
हिन्दुस्थान समाचार / অৰৱিন্দ