বাংলাদেশত নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰিত ভাৰতকে ধৰি ১৩খন দেশৰ চৰকাৰৰ মুৰব্বী
ঢাকা, ১৫ ফেব্ৰুৱাৰী (হি.স.)। বাংলাদেশত নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানত ভাৰত, চীন, পাকিস্তানকে ধৰি ১৩খন দেশৰ ৰাষ্ট্ৰ আৰু চৰকাৰৰ মুৰব্বীক অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছে। বাংলাদেশ নেচনেলিষ্ট পাৰ্টিৰ নেতা তাৰিক ৰহমানৰ নেতৃত্বতে ভাৰতীয় উঈুুূনতুন
fb5472d0ee866623186cf0b83ac8f8f1_1044413305.jpg


ঢাকা, ১৫ ফেব্ৰুৱাৰী (হি.স.)। বাংলাদেশত নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানত ভাৰত, চীন, পাকিস্তানকে ধৰি ১৩খন দেশৰ ৰাষ্ট্ৰ আৰু চৰকাৰৰ মুৰব্বীক অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছে। বাংলাদেশ নেচনেলিষ্ট পাৰ্টিৰ নেতা তাৰিক ৰহমানৰ নেতৃত্বতে ভাৰতীয় উঈুুূনতুন চৰকাৰখনে ১৭ ফেব্ৰুৱাৰীত শপত গ্ৰহণ কৰাৰ কথা।

বাংলাদেশৰ সৰ্বাধিক প্ৰচাৰিত বাতৰি কাকত প্ৰথম আলোই অন্তৱৰ্তীকালীন চৰকাৰৰ এজন নিৰ্ভৰযোগ্য বিষয়াৰ উদ্ধৃতি দি কয় যে ত্ৰয়োদশ ৰাষ্ট্ৰীয় সংসদীয় নিৰ্বাচনত জয়ী হোৱা বিএনপি নেতৃত্বৰ সৈতে আলোচনাৰ অন্তত অন্তৱৰ্তীকালীন চৰকাৰে ১৩খন দেশৰ ৰাষ্ট্ৰপতি আৰু চৰকাৰৰ মুৰব্বীক আমন্ত্ৰণ জনোৱাৰ সিদ্ধান্ত লয়।

কূটনৈতিক সূত্ৰই জনোৱা মতে, ইতিমধ্যে চৌদি আৰব, তুৰস্ক, সংযুক্ত আৰব আমিৰশ্বাহী, কাটাৰ, মালয়েছিয়া, ব্ৰুনাই, শ্ৰীলংকা, নেপাল, মালদ্বীপ, ভূটানলৈ নিমন্ত্ৰণী পত্ৰ প্ৰেৰণ কৰা হৈছে। মঙলবাৰে বিয়লি জাতীয় সংগসাদ ভবনৰ চাউথ প্লাজাত নতুন চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ’ব। ১৭ ফেব্ৰুৱাৰীত শপত গ্ৰহণ কৰিব নৱনিৰ্বাচিত সাংসদসকলে।

ঢাকা ট্ৰিবিউনত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি নিৰ্বাচনত দুই তৃতীয়াংশতকৈ অধিক আসন লাভ কৰি বিএনপিয়ে পৰৱৰ্তী চৰকাৰ গঠনৰ আনুষ্ঠানিক প্ৰক্ৰিয়া আৰম্ভ কৰিছে। বিএনপিৰ যুটীয়া মহাসচিব (বৈদেশিক পৰিক্ৰমা) হুমায়ুন কবীৰে কয় যে, মই কোনো নিৰ্দিষ্ট দেশৰ কথা কোৱা নাই। বিএনপিয়ে শপতগ্ৰহণ অনুষ্ঠানলৈ ছাৰ্কৰ সদস্য ৰাষ্ট্ৰ আৰু মধ্যপ্ৰাচ্যৰ দেশৰ ৰাষ্ট্ৰপতিসকলক আমন্ত্ৰণ কৰাৰ প্ৰস্তুতি চলাইছে।

উল্লেখযোগ্য যে বাংলাদেশ জামাত-ই-ইছলামীয়ে নতুন সংসদত মূল বিৰোধী দল হিচাপে দায়িত্ব পালন কৰিব।

हिन्दुस्थान समाचार / Manoj Kumar Saikia


 rajesh pande