বেলুচিস্তান লিবাৰেচন আৰ্মীৰ দাবী পূৰণ কৰি বন্দীত্বৰ পৰা মুক্ত কৰিবলৈ কাতৰ অনুৰোধ বন্দী পাকিস্তানী সৈন্যৰ
কুৱেটা (বেলুচিস্তান), ১৫ ফেব্ৰুৱাৰী (হি.স.)। পাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ কেইবাজনো পাকিস্তানী নিৰাপত্তাৰক্ষীয়ে স্বাধীনতাৰ বাবে যুঁজি থকা উগ্ৰপন্থী সংগঠন বেলুচিস্তান লিবাৰেচন আৰ্মীৰ (বিএলএ) বন্দীত্বৰ পৰা হাত সাৰিবলৈ সংগ্ৰাম কৰি আছে। বি এল এৰ অফি
870f72ecb21cfb82ddae8ae1c0640020_1808848013.jpg


কুৱেটা (বেলুচিস্তান), ১৫ ফেব্ৰুৱাৰী (হি.স.)। পাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ কেইবাজনো পাকিস্তানী নিৰাপত্তাৰক্ষীয়ে স্বাধীনতাৰ বাবে যুঁজি থকা উগ্ৰপন্থী সংগঠন বেলুচিস্তান লিবাৰেচন আৰ্মীৰ (বিএলএ) বন্দীত্বৰ পৰা হাত সাৰিবলৈ সংগ্ৰাম কৰি আছে। বি এল এৰ অফিচিয়েল মিডিয়া চেনেল হুকালত এই জোৱানসকলৰ এটা ভিডিঅ’ সম্প্ৰচাৰ কৰে। ভিডিঅ’টোত দেখা গৈছে যে ইউনিফৰ্ম পৰিহিত পাকিস্তানী সেনা জোৱানক অজ্ঞাত স্থানত বেলুচ লিবাৰেচন আৰ্মীৰ অস্ত্ৰধাৰী সদস্যই ঘেৰি ধৰিছে।

বেলুচিস্তান পোষ্টেও ভিডিঅ’টোৰ পৰা লোৱা এখন ফটো নিজৰ ৱেবছাইটত আপলোড কৰে। প্ৰতিবেদন অনুসৰি ভিডিঅ'টোত এজন সামৰিক বিষয়াই কৈছে, মোৰ নাম ছামছ তাব্ৰিজ। মই মহম্মদ কুৰেশ্বীৰ পুত্ৰ। মই স্বাবি (খাইবাৰ পখতুনখোৱা)ৰ বাসিন্দা। মই ২০১২ চনৰ অক্টোবৰ মাহত পাকিস্তান সেনাবাহিনীত যোগদান কৰিছিলো। মোৰ ৰেংক নাইকৰ। মই পাকিস্তান সেনাক বিএলএৰ দাবী পূৰণ কৰিবলৈ আহ্বান জনাইছো যাতে আমি মুকলি হ’ব পাৰো।’

এই ভিডিঅ'টোত সকলো জোৱানক ইউনিফৰ্ম পিন্ধি, অস্ত্ৰ-শস্ত্ৰ আৰু অন্যান্য সা-সৰঞ্জাম লৈ থকা দেখা গৈছে। ২১ জানুৱাৰীত খুজদাৰৰ অৰ্নাচ অঞ্চলত হোৱা যুদ্ধৰ সময়ত বিএলএই তেওঁলোকক বন্দী কৰিছিল। এই যুদ্ধত পাকিস্তান সেনাৰ কেপ্তেইন উমৰ শ্বহীদ নিহত হয় আৰু এজন কৰ্ণেল আহত হয়। তেওঁলোকৰ বুলেটপ্ৰুফ বাহনখনক আই ই ডি আক্ৰমণত লক্ষ্য কৰি লোৱা হয়। উল্লেখযোগ্য যে বিএলএৰ মুখপাত্ৰ জিয়ান্দ বালোচে এক বিবৃতি প্ৰকাশ কৰি কয় যে অপাৰেচন হিৰো-২ যোদ্ধা সকলে পাকিস্তান সেনাৰ ১০জন জ্যেষ্ঠ বিষয়াক আটক কৰি ৰাখিছে।

বলপূৰ্বকভাৱে নিৰুদ্দেশ হোৱা আঠজনৰ মৃতদেহ উদ্ধাৰ

ইফালে, বিগত এসপ্তাহত বেলুচিস্তানৰ পাঞ্জগুৰ জিলাত ৮ জন লোকৰ মৃতদেহ উদ্ধাৰ হৈছে। এতিয়ালৈকে চিনাক্ত হোৱা আটাইকেইটা মৃতদেহ বলপূৰ্বকভাৱে নিৰুদ্দেশ কৰাৰ বলি হৈছে। শেহতীয়া ঘটনাত আজি পাঞ্জগুৰিত আৰু দুটা মৃতদেহ উদ্ধাৰ হৈছে। ইয়াৰে এজন আব্দুল ৰছিদৰ পুত্ৰ জাংগিয়ান বুলি চিনাক্ত কৰা হৈছে। জাংগিয়ানৰ ঘৰ পাঞ্জগুৰৰ প্ৰম এলেকাত। দ্বিতীয়টো মৃতদেহ এতিয়াও চিনাক্ত হোৱা নাই।

পৰিয়ালটোৱে জনোৱা মতে, ২০২৫ চনৰ ২৬ মে’ত পাঞ্জগুৰিৰ প্ৰম এলেকাৰ পৰা আন চাৰিজন আত্মীয়ৰ সৈতে পাকিস্তান সেনাই জাংগিয়ানক আটক কৰি ৰাখিছিল। কিছুদিন পিছতে বাকীকেইজনক মুকলি কৰি দিয়া হৈছিল। জাংগিয়ানৰ জ্যেষ্ঠ ভাতৃ মালিক মিৰানে ছ’চিয়েল মিডিয়াত এক বিবৃতিত কয় যে তেওঁৰ ভাতৃক পাকিস্তানী সেনা আৰু সশস্ত্ৰ সমৰ্থক (ডেথ স্কোৱাড) দলে গ্ৰেপ্তাৰ কৰে। আজি তেওঁৰ ভাতৃৰ মৃতদেহ উদ্ধাৰ কৰা হয়। স্থানীয় কৰ্মীসকলৰ মতে, বিগত এসপ্তাহত পাঞ্জগুৰৰ পৰা ৮টা মৃতদেহ উদ্ধাৰ হৈছে। তেওঁলোক নিৰুদ্দেশ হোৱাৰ গোচৰ ৰুজু কৰা হৈছিল।

সেনাৰ গৰীবাবাদ আৰু চেণ্ট্ৰেল মাৰ্কেট ঘেৰাও

ইফালে, বাতৰি অনুসৰি পাকিস্তান সেনাই নুস্কিৰ গৰীবাবাদ আৰু চেণ্ট্ৰেল মাৰ্কেট অঞ্চলৰ দোকানসমূহ ঘেৰাও কৰি চলাচলত বাধা আৰোপ কৰিছে। অঞ্চলটোত আৰম্ভ হৈছে সেনাৰ অনুসন্ধান অভিযান। অৱশ্যে এই সন্দৰ্ভত চৰকাৰী বিষয়াসকলে কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই। উল্লেখযোগ্য যে শেহতীয়াকৈ নুস্কিৰ মেংগল আৰু কাদিৰাবাদ গাঁৱত অনুৰূপ অভিযান আৰম্ভ কৰা হৈছে।

हिन्दुस्थान समाचार / Manoj Kumar Saikia


 rajesh pande