ৰাজপাল যাদৱৰ সহায়ৰ বাবে আগবাঢ়ি আহিল প্ৰিয়দৰ্শন
প্ৰবীণ চলচ্চিত্ৰ নিৰ্মাতা প্ৰিয়দৰ্শনে অভিনেতা ৰাজপাল যাদৱৰ কঠিন সময়ত মুকলিকৈ সমৰ্থন কৰিছে। সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত প্ৰিয়দৰ্শনে কয় যে তেওঁ ৰাজপালক ২০ বছৰতকৈও অধিক সময় চিনি পাই আহিছে আৰু প্ৰথমবাৰৰ বাবে ৰাজপালক জংগল ছবিত দেখি আপ্
राजपाल यादव, प्रियदर्शन - फोटो सोर्स एक्स


প্ৰবীণ চলচ্চিত্ৰ নিৰ্মাতা প্ৰিয়দৰ্শনে অভিনেতা ৰাজপাল যাদৱৰ কঠিন সময়ত মুকলিকৈ সমৰ্থন কৰিছে। সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত প্ৰিয়দৰ্শনে কয় যে তেওঁ ৰাজপালক ২০ বছৰতকৈও অধিক সময় চিনি পাই আহিছে আৰু প্ৰথমবাৰৰ বাবে ৰাজপালক জংগল ছবিত দেখি আপ্লুত হৈছিল। তেওঁ কয় যে তেওঁলোকে একেলগে মালামাল উইকলিত কাম আৰম্ভ কৰিছিল, আৰু তেতিয়াৰ পৰাই ৰাজপাল তেওঁৰ কেইবাখনো ছবিৰ অংশ হৈ পৰিছে। প্ৰিয়দৰ্শনে লগতে প্ৰকাশ কৰে যে, বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ তেওঁৰ পৰৱৰ্তী ছবিখনৰ প্ৰযোজকসকলক ৰাজপালক তেওঁৰ সন্মত মাচুলতকৈ অধিক ধন দিবলৈ অনুৰোধ জনাইছে, যাৰ বাবে প্ৰযোজকসকলে সন্মতি দিছে।

প্ৰিয়দৰ্শনে ৰাজপালক অতি সম্ভ্ৰান্ত ব্যক্তি বুলি অভিহিত কৰি কয় যে সীমিত শিক্ষাৰ বাবে তেওঁ আইনী আৰু আৰ্থিক জটিলতা সঠিকভাৱে বুজিব পৰা নাছিল, যাৰ ফলত তেওঁ বিতৰ্কত জড়িত হৈ পৰিছিল। তেওঁ কয়, আমি তেওঁক এই সমস্যাৰ পৰা বচাব বিচাৰো। তেওঁৰ সমস্যাৰ বিষয়ে মই আগতীয়াকৈ জানিছিলোঁ, গতিকে তেওঁক কাম দি থাকিলোঁ, আনকি বিজ্ঞাপনত সুযোগো দি থাকিলোঁ। প্ৰিয়দৰ্শনৰ মতে, ৰাজপালে তেওঁৰ পৰৱৰ্তী ছবিত খলনায়কৰ চৰিত্ৰত অভিনয় কৰিছে আৰু তেওঁ এই কঠিন সময়খিনিত সহায় কৰিবলৈ শক্তি বিচাৰে।

মন কৰিবলগীয়া যে পুৰণি চেক বাউন্স গোচৰত সকাহ নোপোৱাত ৫ ফেব্ৰুৱাৰীত তিহাৰ কাৰাগাৰত আত্মসমৰ্পণ কৰি বৰ্তমান ছমাহৰ কাৰাদণ্ড ভুগি আছে। তেওঁৰ জামিন আবেদনৰ পৰৱৰ্তী শুনানি ২০২৬ চনৰ ১৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব। ইফালে তেওঁৰ সমৰ্থনত আগবাঢ়ি আহিছে ছলমান খান, অজয় ​​দেৱগন, নৱাজুদ্দিন ছিদ্দিকী, ডেভিদ ধাৱান, সোণু ছুদকে ধৰি কেইবাগৰাকীও চলচ্চিত্ৰ ব্যক্তিত্ব। ৰাজপালৰ পত্নী ৰাধাইও এই জটিল সময়ত চলচ্চিত্ৰ জগতৰ সহায়ৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছে।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande