
সাই পল্লৱী আৰু জুনাইদ খান অভিনীত ‘এক দিন’ত সম্পৰ্কৰ সৰলতা আৰু আৱেগৰ উষ্ণতাক কেন্দ্ৰ কৰি এক কোমল আৰু যাদুকৰী প্ৰেম কাহিনীৰ প্ৰতিশ্ৰুতি দিয়া হৈছে। এই ছবিখনো বিশেষ কাৰণ এই ছবিখনে বহুদিনৰ মূৰত আমিৰ খান আৰু মনছুৰ খানৰ আইকনিক যুটিটোক পুনৰ একত্ৰিত কৰিছে। ইয়াৰ পূৰ্বে দুয়োগৰাকী ছবি নিৰ্মাতাই ‘কায়ামত ছে কায়ামত টক’ আৰু ‘জো জীতা ৱ’হি চিকন্দৰ’ৰ দৰে স্মৰণীয় ছবিৰে দৰ্শকক মোহিত কৰিছে। এতিয়া, তেওঁলোকে নতুন প্ৰজন্মৰ আগত উপস্থাপন কৰিবলৈ সাজু হৈছে এক সতেজ ৰোমাঞ্চ।
শেহতীয়াকৈ মুক্তি পোৱা টিজাৰ আৰু ভেলেণ্টাইন ডে’ত মুক্তি পোৱা নতুন পোষ্টাৰে ছবিখনক কেন্দ্ৰ কৰি উত্তেজনা বৃদ্ধি কৰিছে। পোষ্টাৰখনত দেখা গৈছে যে জুনাইদ আৰু ছাইয়ে এখন নিস্তব্ধ চুপাৰ মাৰ্কেটৰ ভিতৰত মুখামুখিকৈ বহি আছে, ছাইয়ে জ্বলোৱা মমবাতিৰে মাফিন এটা লৈ আছে; এই চমু দৃশ্যটোৱে প্ৰেমৰ নিৰ্দোষতাক ধৰি ৰাখিছে। ২০২৬ চনৰ ১ মে’ত ছবিখন ছবিগৃহত মুক্তি পাব বুলি নিৰ্মাতাসকলে ঘোষণা কৰিছে।
আমিৰ খান প্ৰডাকচনৰ বেনাৰত নিৰ্মিত এই ছবিখনৰ পৰিচালক সুনীল পাণ্ডে আৰু প্ৰযোজক আমিৰ খান, মনছুৰ খান, আৰু অপৰ্ণা পুৰোহিতে। এক দিনক আধুনিক সম্পৰ্কত নিৰ্দোষতা আৰু প্ৰকৃত আৱেগক উদযাপন কৰা প্ৰেম কাহিনী হিচাপে বৰ্ণনা কৰা হৈছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া