

কোকৰাঝাৰ, ১০ ফেব্ৰুৱাৰী (হি.স.)। আজি বিটিচি শান্তি চুক্তি তথা বডোলেণ্ড দিৱস ৷ ২০০৩ চনৰ আজিৰ দিনটোতে অৰ্থাৎ ২০০৩ চনৰ ১০ ফেব্ৰুৱাৰীত সম্পন্ন হৈছিল ঐতিহাসিক বিটিচি চুক্তি। সেই উপলক্ষে প্ৰতিবছৰে বিপিএফ দলে ১০ ফেব্ৰুৱাৰীৰ দিনটো বড়োলেণ্ড চুক্তি দিৱস বা বি টি চি চুক্তি দিৱস হিচাপে উদযাপন কৰি আহিছে ৷এইবেলিও বি পি এফ চৰকাৰৰ উদ্যোগত কোকৰাঝাৰত ২৪ সংখ্যক বড়োলেণ্ড চুক্তি দিৱস উদযাপন কৰা হয়। সেই অনুসৰি পুৱা ৮ .৩০ বজাত বি টি চি সচিবালয় প্ৰাংগনত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পন আৰু পুষ্পাঞ্জলী অৰ্পনেৰে ২৪ সংখ্যক বড়োলেণ্ড চুক্তি দিৱস কাৰ্যসূচীৰ শুভাৰাম্ভ কৰে বিটিচি প্ৰধান তথা বি পি এফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে।
ইয়াৰ পিছতে দেবৰগাঁওস্থিত বড়োলেণ্ড ছহিদ সমাধিক্ষেত্ৰতে থকা ছহিদৰ সমাধিস্থলীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে হাগ্ৰামা মহিলাৰীয়ে । আনহাতে আজি দিনৰ ১১.০০ বজাৰ পৰা বড়োলেণ্ডৰ সচিবালয়ৰ নিকটৰ গ্ৰীণ ফিল্ডত ২৪ তম বড়োলেণ্ড চুক্তি দিৱস উপলক্ষে মুকলি সভা অনুষ্ঠিত হ'ব যত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব । ইয়াৰোপৰি কেবিনেট মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ লগতে আন বহুতো বিশিষ্ট ব্যক্তি উপস্থিত থকাৰ লগতে প্ৰায় ৪০ সহস্ৰাধিক লোক উপস্থিত থাকিব ।
উল্লেখ্য যে আজিৰ অনুষ্ঠানতে বিপিএফে নিৰ্বাচনৰ পূৰ্বে দিয়া পাঁচটা গেৰাণ্টি ৰূপায়নৰ কাম আজিৰে পৰা শুভাৰম্ভ হ'ব । সেই অনুসৰি মাটি পট্টা , যুৱ, দুখীয়া , আত্মসহায়ক গোটক আৰ্থিক সাহাৰ্য দিয়া, জ্যেষ্ঠ নাগৰিকক আৰ্থিক সাহাৰ্য দিয়া , বিকলাংগ সকলক আৰ্থিক সাহাৰ্য দিয়া হ'ব । নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ পূৰ্বেই পাঁচটা গেৰাণ্টি ৰূপায়ন কৰা হ'ব । ইপিনে একালৰ সতীৰ্থ তথা বৰ্তমানৰ ইউপিপিএলৰ নেতা খাম্পা বৰগয়াৰীয়ে আজি হাগ্ৰামা মহিলাৰীক সঙ্গ দিয়া দেখা যায় ।ইপিনে মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ্থীলৈ শুভকামনা জ্ঞাপন কৰিছে হাগ্ৰামা মহিলাৰীয়ে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ