বিশ্বনাথত শোৱাপাটিতে ৰহস্যজনকভাৱে উদ্ধাৰ এজনৰ মৃতদেহ
বিশ্বনাথত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ।
বিশ্বনাথত শোৱাপাটিতে ৰহস্যজনকভাৱে উদ্ধাৰ এজনৰ মৃতদেহ


বিশ্বনাথ, ০৯ নৱেম্বৰ (হি.স.): দীপাৱলীৰ আনন্দ-উল্লাসৰ মাজতে বিশ্বনাথত যোৱাকালি দেওবাৰে সন্ধিয়া সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । বিশ্বনাথৰ কদমনি গাঁৱৰ ব্ৰজেন মুৰা (৪০) নামৰ এগৰাকী ব্যক্তিৰ মৃতদেহ নিজ ঘৰৰ শোৱাপাটিতে ৰহস্যজনকভাৱে উদ্ধাৰ হয় ।

প্ৰথমে ওচৰ চুবুৰীয়াই ব্ৰজেন মুৰাৰ মৃতদেহ প্ৰত্যক্ষ কৰি আৰক্ষীক খৱৰ দিয়ে। পৰৱৰ্তী সময়ত বিশ্বনাথ আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰিছে । মৃত্যুৰ প্ৰকৃত কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই । এই ঘটনাক লৈ অঞ্চলটোত এক চাঞ্চল্যই বিৰাজ কৰিছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande