ধমধমাত ভয়ংকৰ পথ দুৰ্ঘটনাত আহত ২
দুখন বাইকৰ মুখামুখি সংঘৰ্ষত গুৰুতৰভাৱে আহত দুই যুৱক।
ধমধমাত ভয়ংকৰ পথ দুৰ্ঘটনাত আহত ২


তামুলপুৰ, ০৯ নৱেম্বৰ (হি.স.): তামুলপুৰৰ ধমধমাৰ কুমাৰাত যোৱাকালি দেওবাৰে নিশা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দুখন বাইকৰ মুখামুখি সংঘৰ্ষত গুৰুতৰভাৱে আহত হয় দুই যুৱক। তামুলপুৰ-বৰমা পথত দুখন দুচকীয়া বাহনৰ মাজত সংঘটিত হৈছে এই পথ দুৰ্ঘটনা।

জানিব পৰামতে, এখন তীব্ৰবেগী বাইকেৰে এজন যুৱক বৰমাৰ দিশৰ পৰা আহি থকাৰ বিপৰীতে আনজন যুৱক আহি আছিল ধমধমাৰ দিশৰ পৰা। তেনে সময়তে কুমাৰাত দুয়োখন বাইকৰ মাজত মুখামুখি সংঘৰ্ষ লাগে । এই দুৰ্ঘটনাটোৰ ফলত দুয়োখন বাহনৰে আৰোহীদ্বয় গুৰুতৰভাৱে আহত হয় । আহত যুৱক দুজন ধমধমা আজানপুৰৰ ৰাকিবুল আৰু চাইজোউদ্দিন বুলি চিনাক্ত কৰা হৈছে। দুৰ্ঘটনাটোৰ পিছতে স্থানীয় ৰাইজৰ তৎপৰতাত তেওঁলোকক অতি সংকটজনক অৱস্থাত উদ্ধাৰ কৰি চিকিৎসাৰ বাবে হস্পিটেলত ভৰ্তি কৰোৱা হয়। বৰ্তমান চিকিৎসালয়ত দুয়োগৰাকী যুৱকে জীৱন-মৰণৰ সৈতে যুঁজি থকা বুলি জানিব পৰা গৈছে। এই ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । ইতিমধ্যেই ঘটনাস্থলিত ধমধমা আৰক্ষী উপস্থিত হয়।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande