গোলাঘাটত তীব্ৰতৰ কৰিব ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
গোলাঘাটত অতিৰিক্ত আৰক্ষী অধীক্ষকৰ সংবাদমেল।
গোলাঘাটত তীব্ৰতৰ কৰিব ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান


গোলাঘাট, ০৯ নৱেম্বৰ (হি.স.): যুৱকৰ মৃত্যু সন্দৰ্ভত গোলাঘাটত যোৱা কালি দেওবাৰে বিয়লি অতিৰিক্ত আৰক্ষী অধীক্ষকে এক সংবাদমেল পাতি ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰে । শনিবাৰ অঁকা তিনিআলিত ড্ৰাগছ গ্ৰহণ কৰাৰ ফলত এজন যুৱকৰ মৃত্যু হোৱা ঘটনা সন্দৰ্ভত গোলাঘাট সদৰ আৰক্ষী থানাত অতিৰিক্ত আৰক্ষী অধীক্ষকে সংবাদমেল সম্বোধন কৰে।

সংবাদমেলত ঘটনাৰ তদন্তৰ অগ্ৰগতি, মৃত্যুৰ কাৰণ আৰু ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে গ্ৰহণ কৰা ব্যৱস্থা সন্দৰ্ভত বিস্তৃতভাৱে অৱগত কৰে । ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অধিক কঠোৰ কৰা হ’ব বুলি সংবাদমেলত প্ৰকাশ কৰে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande