
ধুবুৰী, ০৯ নৱেম্বৰ (হি.স.): ধুবুৰী জিলাৰ গোলাকগঞ্জৰ ৰাখালপাটত যোৱা কালি দেওবাৰে নিশা ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । ৰাখালপাঠৰ অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া শৈলেন বৰ্মনৰ বাসগৃহত এই অগ্নিকাণ্ড সংঘটিত হয । দীপাৱলীৰ ফটকাৰ পৰাই লাগে জুই।
দীপাৱলীৰ ফটকা গৈ শৈলেন বৰ্মনৰ গোহালিত গৈ পৰে। ফলত লগে লগে জুই লাগে। প্ৰথমাৱস্থাত স্থানীয় ৰাইজে জুই নুমাৱলৈ চেষ্টা কৰে। পিছত অগ্নিনিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। ৰাখালপাটত সংঘটিত এই অগ্নিকাণ্ডই তীব্ৰ উদ্বেগৰ সৃষ্টি কৰে । দীপাৱলীৰ আনন্দ-উচ্ছ্বাসৰ সময়ত ফটকা ফুটোৱাৰ ফলত সৃষ্টি হোৱা এনে দুৰ্ঘটনাই নিমিষতে বহু পৰিয়াললৈ বিপত্তি কাঢ়ি আনে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ