
বঙাইগাঁও, ০৯ নৱেম্বৰ (হি.স.)। বঙাইগাঁও জিলাৰ অভয়াপুৰীত দীপাৱলী নিশা মাটিৰ চাকিৰ পোহৰেৰে উজ্বলি উঠিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গ।অসম মানে চাহ, গঁড় আৰু জুবিন। হিয়াৰ আমঠু জুবিন গাৰ্গৰ এই চিৰযুগমীয়া মন্তৱ্যক সাৰোগত কৰি এইবাৰ অভয়াপুৰীৰ পিৰাধৰাত এক ব্যতিক্ৰম দীপাৱলী পালন কৰিলে এদল যুৱক-যুৱতীয়ে । পবিত্ৰ দীপাৱলীৰ নিশা মাটিৰ চাকিৰ আলোকেৰে উজ্বলি উঠিল হিয়াৰ আমঠু জুবিন গাৰ্গৰ চিৰযুগমীয়া মন্তব্যক আৰ্হি হিচাপে লোৱা চাহ, গড় আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গ।
অভয়াপুৰী পিৰাধৰা বুঢ়ী আইৰ থান চৌহদত প্ৰায় ৫ হাজাৰ মাটিৰ চাকিৰে উজ্বলি উঠিল এক অনুপম আৰু আকৰ্ষণীয় আৰ্হি। প্ৰতিবছৰে অভয়াপুৰীৰ পিৰাধৰাৰ বুঢ়ী আইৰ থানত স্থানীয় যুৱকসকলে বিশেষ থিম বা আৰ্হিৰে চাকি জ্বলাই এক ব্যতিক্ৰমী ভাবে পৰম্পৰা ৰক্ষা কৰি আহিছে। এইবাৰ তেওঁলোকে অসমৰ স্বাভিমান আৰু জুবিন গাৰ্গৰ প্ৰতি থকা অগাধ মৰম তথা ভালপোৱাক প্ৰতিফলিত কৰিবলৈ এই বিশেষ পৰিকল্পনা হাতত লৈছে। কেৱল সেয়ে নহয়, শিল্পীগৰাকীয়ে যাতে শীঘ্ৰে ন্যায় লাভ কৰে, তাৰেই কামনাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই থানৰ চৌহদত অংকন কৰা হৈছে এখন সুন্দৰ শৰাইৰ আৰ্হিও। । বৈদ্যুতিক লাইটৰ জাক জমকতাৰ বিপৰীতে ইয়াত কেৱল মাটিৰ চাকি। পোহৰৰ উৎসৱ দীপাৱলীত ৰাজ্যৰ জনপ্ৰিয় শিল্পীক সোঁৱৰণ কৰি কৰা এই অনন্য প্ৰয়াসে এতিয়া সমগ্ৰ অভয়াপুৰীজুৰি বিশেষ চৰ্চা লাভ কৰিছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ