
নতুন দিল্লী, ০৪ নৱেম্বৰ (হি.স.)। সংযুক্ত আৰব আমিৰশ্বাহী (ইউ এ ই)ত অনুষ্ঠিত হ’বলগীয়া আগন্তুক আই চি চি মহিলা মহিলা ইমাৰ্জিং নেচনচ ট্ৰফীৰ বাবে বাংলাদেশে নিজৰ দল ঘোষণা কৰিছে। ১০ দলৰ এই প্ৰতিযোগিতাত নাহিদা আখতাৰে বাংলাদেশক নেতৃত্ব দিব। তেওঁ যোৱা মাহত নিগাৰ চুলতানা জোটিৰ ঠাইত দলটোৰ নতুন অধিনায়ক হিচাপে নিযুক্তি লাভ কৰিছিল । অধিনায়ক হোৱাৰ পিছত এইখন হ’ব নাহিদাৰ প্ৰথমখন ডাঙৰ প্ৰতিযোগিতা, আৰু ইয়াৰ দ্বাৰা তেওঁৰ নেতৃত্বৰ ক্ষমতা পৰীক্ষা কৰা হ’ব।
পাকিস্তান, থাইলেণ্ড, নেদাৰলেণ্ড, জিম্বাবুৱেৰ লগতে বাংলাদেশক গ্ৰুপ বিত স্থান দিয়া হৈছে। ১২ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা প্ৰতিযোগিতাখনৰ ফাইনেল খেল ২৫ নৱেম্বৰত অনুষ্ঠিত হ’ব । অভিজ্ঞ বেটছমেন সোভানা মোষ্টাৰীক উপ-অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে । প্রাক্তন অধিনায়ক নিগাৰ চুলতানা জোটীকো ১৫ জনীয়া দলটোত অন্তর্ভুক্ত কৰা হৈছে আৰু তেওঁ অব্যাহত থাকিব ৷
আই চি চিৰ ৱেবছাইট অনুসৰি দলটোৰ আগশাৰীৰ বেগী বলাৰ মাৰুফা আখতাৰ গোৰোহাৰ আঘাতৰ বাবে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব নোৱাৰিব। ফাষ্ট বলাৰ দিশা বিশ্বাসক তেওঁৰ ঠাইত অন্তৰ্ভুক্ত কৰা হৈছে। অ’পেনাৰ সতী ৰাণী আৰু অল ৰাউণ্ডাৰ জান্নাতুল ফিৰদৌছ ছুমোনাও পুনৰ দললৈ ঘূৰি আহিছে।
১২ নৱেম্বৰৰ পৰা পাকিস্তানৰ বিৰুদ্ধে বাংলাদেশে অভিযান আৰম্ভ কৰিব। আজমান (ইউ এ ই)ৰ কাৰৱান ক্ৰিকেট খেলপথাৰত অনুষ্ঠিত হ’ব এই খেলখন।
বাংলাদেশৰ ১৫ জনীয়া দলটোত আছে:
নাহিদা আখতাৰ (অধিনায়ক), সোভানা মোষ্টাৰী (উপ অধিনায়ক), দিলাৰা আখতাৰ, শৰ্মিন আখতাৰ সুপ্তা, শোৰ্না আখতাৰ, দিশ বিশ্বাস, জুৱাইৰিয়া ফিৰদৌছ, জন্নাতুল ফিৰদৌছ চুমোনা, ৰাবেয়া খান, ফাহিমা খাতুন, ছানজিদা আখতাৰ মগালা, ঋতু মনি, সতী ৰাণী, নিগাৰ চুলতানা জোটি, আৰু ফৰিহা ইছলাম তৃষ্ণা।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ