শোণিতপুৰ জিলাৰ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নহয় স্থায়ী প্ৰধান আৰু অধ্যক্ষৰ নিযুক্তি
– তেজপুৰ জিলা মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ কাৰ্যনিৰ্বাহক সভাত উদ্বেগ প্ৰকাশ –অষ্টম দৰমহা আয়োগৰ ৫০ টা প্ৰশ্নৰ উত্তৰ প্ৰস্তুত কৰি সভাত গৃহীত –অচিৰেই প্ৰকাশ পাব তেজপুৰ জিলা শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ আওতাত থকা বিদ্যালয় সমূহৰ ইতিহাস সংপ
শোণিতপুৰ জিলাৰ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নহয় স্থায়ী প্ৰধান আৰু অধ্যক্ষৰ নিযুক্তি


–

তেজপুৰ জিলা মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ কাৰ্যনিৰ্বাহক সভাত উদ্বেগ প্ৰকাশ

–অষ্টম দৰমহা আয়োগৰ ৫০ টা প্ৰশ্নৰ উত্তৰ প্ৰস্তুত কৰি সভাত গৃহীত

–অচিৰেই প্ৰকাশ পাব তেজপুৰ জিলা শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ আওতাত থকা বিদ্যালয় সমূহৰ ইতিহাস সংপৃক্ত বিশেষ গ্ৰন্থ

–

চৰকাৰী কৰ্মচাৰীৰ দৰে প্ৰত্যেক বছৰে পেন্সনাৰৰ ইনক্ৰিমেন্টৰ দাবী সন্হাৰ

–শিক্ষাৰ্থীৰ বাগৰুম্বা নৃত্য, শাস্ত্ৰীয় নৃত্য আৰু জুবিন গাৰ্গৰ গীতেৰে সন্হাৰ বিষয়ববীয়া আৰু সদস্যক উষ্ম আদৰণি পি এম শ্ৰী ৰঙাপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত

শোণিতপুৰ, ০৪ নৱেম্বৰ (হি.স.)

।

বছৰ বছৰ ধৰি ৰাজ্যখনৰ মাধ্যমিক বিদ্যালয় আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় সমূহত স্থায়ী প্ৰধান শিক্ষক আৰু স্থায়ী অধ্যক্ষৰ নিযুক্তি বন্ধ হৈ থকাৰ পিছত বিদ্যালয় সমূহৰ শৈক্ষিক দিশত যথেষ্ট সমস্যাৰ উদ্ভৱ হোৱাৰ লগতে প্ৰধান আৰু অধ্যক্ষৰ বাবে যোগ্য তালিকাভুক্ত হৈ থকা শিক্ষক -শিক্ষয়িত্ৰী সকল প্ৰাপ্য মৰ্যাদাৰ পৰা বঞ্চিত হৈ আছে । উল্লেখ্য যে শেহতীয়াকৈ অসম চৰকাৰে জাৰি কৰা এক জাননীত অচিৰেই এই পদ সমূহ পূৰণ কৰাৰ ব্যৱস্থা কৰা হ'ব বুলি ঘোষণা কৰিলেও শোণিতপুৰ, বিশ্বনাথকে ধৰি কেবাখনো জিলাৰ নাম এই জাননীত বাদ পৰি ৰোৱাত তেজপুৰ জিলা মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।

উল্লেখ্য যে আজি শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ পি এম শ্ৰী ৰঙাপৰা উচ্চৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা তেজপুৰ জিলা শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ কাৰ্যনিৰ্বাহক সভাত এই গুৰুত্বপূৰ্ণ দিশটোৰ ওপৰত সবিশেষ আলোচনা হোৱাৰ পিছত বিষয়টোৰ ক্ষেত্ৰত শিক্ষা বিভাগৰ লগতে অসম চৰকাৰক বিষয়টো বিবেচনা কৰি শিঘ্ৰেই জিলাখনৰ বিভিন্ন বিদ্যালয়ত স্হায়ী প্ৰধান আৰু অধ্যক্ষক নিযুক্তি প্ৰদান কৰিবলৈ অনুৰোধ জনাই বিশেষ প্ৰস্তাৱ গ্ৰহণ কৰে । তেজপুৰ জিলা মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ সভাপতি লন্টু শইকীয়াৰ পৌৰোহিত্যত সম্পাদক ভূপেন বৰদলৈৰ উদ্দেশ্য ব্যাখ্যা আৰু পূৰ্বৰ সভাৰ কাৰ্যবিৱৰণি পাঠ আৰু বিদ্যালয়খনৰ অধ্যক্ষৰ অনুপস্থিতিত বিষয় শিক্ষক ৰুবুল দাসৰ আদৰণী ভাষণেৰে আৰম্ভ হোৱা সভাখনত অবিভক্ত শোণিতপুৰ জিলা অৰ্থাৎ বিশ্বনাথ জিলাক সামৰি ২৮ খন বিদ্যালয়ত প্ৰধান আৰু অধ্যক্ষৰ দায়িত্ব বিদ্যালয় সমূহৰ পৰিদৰ্শকে কান্ধ পাতি ল'ব লগা হৈ থকাৰ তথ্য সদৰি কৰি সেই বিদ্যালয় সমূহে ভোগ কৰি অহা বিভিন্ন অসুবিধাৰ প্ৰসংগও সভাত উত্থাপন কৰা হয় ।

তেজপুৰ জিলা মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ উপদেষ্টা প্ৰদীপ বৰঠাকুৰ, শৈলেন শৰ্মা, উপসভাপতি ঝুলন শৰ্মা, সহকাৰী সম্পাদক ভাস্কৰ ভূঞা, নৃপেন নাথ, বিউটি বেজেৰুৱা, পত্ৰিকা সম্পাদক পংকজ বৰুৱা, হিচাপ পৰীক্ষক হিৰণ্য কুমাৰ দাসে বিশেষ আসন শুৱনি কৰা সভাখনত ষষ্ঠ দৰ্মহা আয়োগতকৈ সপ্তম দৰমহা আয়োগত মাধ্যমিক বিদ্যালয়ৰ শিক্ষক -শিক্ষয়িত্ৰী সকলৰ দৰমহাৰ গাথনিত তুলনামূলকভাৱে যথেষ্ট পৰিমাণে বঞ্চিত হোৱাৰ বিষয়ৰ ওপৰত বিস্তৃতভাৱে আলোচনা হোৱাৰ বাবে আগন্তুক অষ্টম দৰমহা আয়োগে প্ৰেৰণ কৰা ৫০ টা প্ৰশ্নৰ উত্তৰ সমূহো আজিৰ সভাত সম্পাদক ভূপেন বৰদলৈয়ে পাঠ কৰি সদস্য সকলৰ মতামত গ্ৰহণ কৰে।

আনহাতে সভাত সন্থাই অচিৰেই প্ৰকাশ কৰি উলিয়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰা সন্হাৰ অন্তৰ্গত বিদ্যালয় সমূহৰ ইতিহাস সম্পৰ্কীয় গ্ৰন্থখন আগন্তুক এক মাহৰ ভিতৰত প্ৰকাশৰ বাবে ছপাশালত দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰি যিসমূহ বিদ্যালয়ে আজিও নিজৰ নিজৰ বিদ্যালয়ৰ বিস্তৃত ইতিহাস লিখি শেষ কৰা নাই সেই বিদ্যালয় সমূহক এমাহৰ ভিতৰত লিখনি জমা দিবলৈ আহ্বান জনায় আৰু আগন্তুক অধিবেশনত সেই বিশেষ গ্ৰন্থখন উন্মোচনৰ সিদ্ধান্ত গ্ৰহণ কৰি আজিৰ সভাতে প্ৰস্তাৱ গ্ৰহণ কৰে ।

উল্লেখ্য বিদ্যালয়খনৰ নৱম ,দশম আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰী সকলৰ আকৰ্ষণীয় বাগৰুম্বা নৃত্য ,ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী আকাংক্ষা তপ্ন আৰু আজমিনা খাতুনৰ জুবিন গাৰ্গৰ গীতৰ লগতে একাদশ শ্ৰেণীৰ ছাত্ৰী স্মিতা চৌধুৰীৰ আকৰ্ষণীয় শাস্ত্ৰীয় নৃত্যৰে তেজপুৰ জিলা মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য আৰু বিষয়ববীয়া সকলক আদৰণী জনোৱা আজিৰ সভাতে এন পি এছ শিক্ষক -শিক্ষয়িত্ৰী সকলৰ সমস্যাৰ সমাধান আৰু পেন্সনাৰ সকলৰ ১০ বছৰৰ মূৰতহে ইনক্ৰিমেন্ট লাভ কৰা বিষয়টোৰ ওপৰতো বিস্তাৰিত ভাৱে আলোচনা হোৱাৰ মাজতে সাম্প্ৰতিক সময়ৰ অত্যধিক মুদ্ৰাস্ফীতিৰ দিনত কৰ্মচাৰী সকলৰ দৰে বছৰেকৰ মূৰত পেন্সনাৰ সকলৰো ইনক্ৰিমেন্ট হোৱাৰ দিশটো বিবেচনা কৰিবলৈ চৰকাৰলৈ আহ্বান জনায় ।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande