

শোণিতপুৰ, ০৪ নৱেম্বৰ (হি.স.) । প্ৰণাম আয়োগৰ উদ্যোগত আৰু শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত আজি তেজপুৰস্থিত শোণিতপুৰ জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত অসম চৰকাৰী কৰ্মচাৰীৰ পিতৃ-মাতৃৰ দায়িত্ব আৰু দায়বদ্ধতা নিৰীক্ষণ আইন, ২০১৭ সম্পৰ্কীয় এখন জিলা পৰ্যায়ৰ সজাগতা কাৰ্যসূচী অনুষ্ঠিত হয়।
অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট শিক্ষাবিদ ড° স্বাধীনতা মহন্ত।ৰাষ্ট্ৰীয় গীত, ৰাজ্যিক সংগীত আৰু বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়। জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে আদৰণি ভাষণত অসম কৰ্মচাৰী প্ৰণাম আইন, ২০১৭-ৰ উদ্দেশ্য আৰু নিৰ্ভৰশীল পিতৃ-মাতৃ তথা বিশেষভাৱে সক্ষম ভাই-ভনীৰ কল্যাণ সুনিশ্চিত কৰাৰ ক্ষেত্ৰত আইনখনৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰে।
প্ৰণাম আয়োগৰ আয়ুক্ত ফণীন্দ্ৰ কুমাৰ বুজৰবৰুৱাই কাৰ্যক্ৰমৰ উদেশ্য ব্যাখ্যা কৰাৰ লগতে ভাষণত পৰম্পৰাগত পাৰিবাৰিক মূল্যবোধৰ অৱক্ষয়ৰ প্ৰতি উদ্বেগ প্ৰকাশ কৰি পিতৃ-মাতৃৰ প্ৰতি দায়িত্ববোধ আৰু সামাজিক সজাগতা বৃদ্ধিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। মুখ্য অতিথি ড° স্বাধীনতা মহন্তই নিজৰ ভাষণত প্ৰণাম আইনৰ উদ্দেশ্য সফল কৰিবলৈ ব্যাপক সামাজিক সজাগতা আৰু আত্মপৰ্যালোচনাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰে। প্ৰতিগৰাকী সন্তানে নিজৰ পিতৃ-মাতৃৰ যত্ন লোৱাৰ লগতে ভাই-ভনী আৰু পৰিয়ালৰ আন সদস্যসকলৰ প্ৰতিও দায়িত্বশীল হোৱা উচিত বুলি তেওঁ মত প্ৰকাশ কৰে।
পৰিয়ালৰ ভিতৰত মৰম, সন্মান, সংস্কাৰ আৰু পাৰস্পৰিক দায়বদ্ধতাৰ মনোভাৱ গঢ়ি তোলাৰ ওপৰতো তেওঁ গুৰুত্ব আৰোপ কৰে। মুখ্য অতিথিৰ ভাষণৰ পিছতে প্ৰণাম আয়োগৰ আয়ুক্ত যোগবালা বুৰাগোহাঁইয়ে পাৱাৰ পইণ্ট উপস্থাপনৰ জৰিয়তে আইনখনৰ বিভিন্ন বিধান, আয়োগৰ কাৰ্যাৱলী আৰু কাৰ্যকৰীকৰণৰ পদ্ধতি সম্পৰ্কে আলোকপাত কৰে। ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনেৰে কাৰ্যসূচীৰ সফল সামৰণি পৰে।
অনুষ্ঠানত জিলা উন্নয়ন আয়ুক্ত সঞ্জীৱ কুমাৰ শৰ্মা, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া জয়ন্ত কুমাৰ বৰা, বিদ্যালয়সমূহৰ পৰিদৰ্শক প্ৰভাত দাস আৰু স্বাস্থ্য সেৱাৰ ভাৰপ্ৰাপ্ত যুটীয়া সঞ্চালক ডাঃ অচ্যুত হাজৰিকাৰ লগতে পঞ্চায়ত প্ৰতিনিধি আৰু বিভিন্ন বিভাগৰ সংশ্লিষ্ট বিষয়াসকল উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ