দৰং মহাবিদ্যালয়ত উত্তৰ-পূব ভাৰত ভূগোল সংস্থাৰ ৩১ তম্ দ্বিবাৰ্ষিক অধিবেশন সম্পন্ন
–ভূ-স্থানিক প্ৰযুক্তিৰ জৰিয়তে জলবায়ুৰ পৰিৱৰ্তন প্ৰশমনৰ অন্বেষণ :উত্তৰ পূৱ ভাৰতৰ বিশেষ প্ৰসংগত এক বহনক্ষম উন্নয়নৰ দৃষ্টিভংগী শীৰ্ষক ৰাষ্ট্ৰীয় আলোচনা চক্ৰ সম্পন্ন –স্মৃতিগ্ৰন্থৰ লগতে বিশিষ্ট ভূগোল বিজ্ঞানী ড০ অবনী কুমাৰ ভাগৱতীৰ বিশেষ গ্ৰন্থ উন্ম
দৰং মহাবিদ্যালয়ত উত্তৰ-পূব ভাৰত ভূগোল সংস্থাৰ ৩১ তম্ দ্বিবাৰ্ষিক অধিবেশন সম্পন্ন


–ভূ-স্থানিক প্ৰযুক্তিৰ জৰিয়তে জলবায়ুৰ পৰিৱৰ্তন প্ৰশমনৰ অন্বেষণ :উত্তৰ পূৱ ভাৰতৰ বিশেষ প্ৰসংগত এক বহনক্ষম উন্নয়নৰ দৃষ্টিভংগী শীৰ্ষক ৰাষ্ট্ৰীয় আলোচনা চক্ৰ সম্পন্ন

–স্মৃতিগ্ৰন্থৰ লগতে বিশিষ্ট ভূগোল বিজ্ঞানী ড০ অবনী কুমাৰ ভাগৱতীৰ বিশেষ গ্ৰন্থ উন্মোচন

–ভূগোল বিজ্ঞান বিভাগৰ শিক্ষাৰ্থীৰ মাজত বিশেষ বক্তৃতা প্ৰতিযোগিতা সম্পন্ন

–উত্তৰ পূৱৰ গৱেষক শিক্ষাৰ্থীৰ গৱেষণা পত্ৰ পাঠ

সংস্থাৰ নতুন সমিতি গঠন

শোণিতপুৰ, ০৪ নৱেম্বৰ (হি.স.)।

তেজপুৰৰ দৰং মহাবিদ্যালয়ত ৩ নৱেম্বৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হোৱা উত্তৰ-পূব ভাৰত ভূগোল সংস্থাৰ ৩১ তম্ দ্বিবাৰ্ষিক অধিবেশন খন সফল সামৰণি পৰে । দৰং মহাবিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ উদ্যোগত, মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষ, অসম ৰাজ্যিক মহাকাশ প্ৰয়োগ কেন্দ্ৰ (ASSAC), অসম জলবায়ু পৰিৱৰ্তন ব্যৱস্থাপনা সমিতি (ACCMS), উত্তৰ-পূব আঞ্চলিক জল আৰু ভূমি ব্যৱস্থাপনা প্ৰতিষ্ঠান (NERIWALM) আৰু বেংক অৱ বৰোদা, তেজপুৰৰ সহযোগত আয়োজন কৰা এই সন্মিলনত ভূ-স্থানিক প্ৰযুক্তিৰ জৰিয়তে জলবায়ু পৰিৱৰ্তন প্ৰশমনৰ অন্বেষণ: উত্তৰ-পূব ভাৰতৰ বিশেষ প্ৰসংগত এক বহনক্ষম উন্নয়নৰ দৃষ্টিভংগী শীৰ্ষক এখন ৰাষ্ট্ৰীয় আলোচনা চক্ৰও অনুষ্ঠিত হয়।

সন্মিলন খনিত দৰং মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰে অধ্যক্ষ ড০ পলাশ মণি শইকীয়াই আৰু উত্তৰ-পূব ভাৰত ভূগোল সংস্থাৰ পতাকা উত্তোলন কৰে সংস্থাৰ সভাপতি অধ্যাপক অশোক কুমাৰ বৰাদেৱে। সংস্থাৰ সভাপতি তথা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অশোক কুমাৰ বৰা দেৱে সঞ্চালনা কৰা সন্মিলন খনিৰ উদ্ধোধনী অনুষ্ঠানৰ আদৰণি ভাষণ আগবঢ়াই মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ পলাশ মণি শইকীয়াই। সংস্থাৰ সাধাৰণ সম্পাদক অধ্যাপক ড° নিত্যানন্দ ডেকাই উত্তৰ-পূব ভাৰত ভূগোল সংস্থা আৰু এই অধিৱেশন খনিৰ বিষয়ে সকলোকে অৱগত কৰে। ৰাষ্ট্ৰীয় আলোচনা চক্ৰৰ বিষয়ে অৱগত কৰে দৰং মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ মুৰব্বী অধ্যাপক তথা এই সন্মিলনৰ সমন্বয়ক ড° সত্যেন্দ্ৰ হাজৰিকাই। তেজপুৰ বিশ্ববিদ্যালয়ৰ সম উপাচাৰ্য অধ্যাপক অমৰেন্দ্ৰ কুমাৰ দাসে উদ্ধোধনী ভাষণ আগবঢ়ায় । স্মৃতিগ্ৰন্থ উন্মোচন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ অৱনী কুমাৰ ভাগৱতীয়ে।

আৰম্ভণি অনুষ্ঠানত ড০ নিত্যানন্দ ডেকা, অধ্যাপক ধ্ৰুৱজ্যোতি চহৰীয়া, অধ্যাপক অশোক কুমাৰ বৰা আৰু অধ্যাপক অৱনী কুমাৰ ভাগৱতীয়ে সম্পাদনা কৰা Geography Education in Colleges and Universities of Assam: Inception Growth and Directions নামৰ গ্ৰন্থখন উন্মোচন কৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ সম উপাচাৰ্য অমৰেন্দ্ৰ কুমাৰ দাসে। সভাত দৰং মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ অধ্যক্ষ ড° খগেশ্বৰ বৰকাকতিয়ে ভাষণ আগবঢ়াই। সভাখনত বিশিষ্ট অতিথি হিচাপে অসম ৰাজ্যিক মহাকাশ প্ৰয়োগ কেন্দ্ৰ (ASSAC)ৰ জেষ্ঠ বৈজ্ঞানিক বিষয়া ড০ প্ৰসন্ন বৰুৱা আৰু অসম জলবায়ু পৰিৱৰ্তন ব্যৱস্থাপনা সমিতি (ACCMS)ৰ ৰিজয়ুৱান উজ জামানে বক্তৃতা প্ৰদান কৰে। শলাগৰ শৰাই আগবঢ়াই সন্মিলনৰ সাংগঠনিক সম্পাদক ড° গোলাপ সোনোৱালে। সন্মিলনীৰ মূল বক্তৃতা (Planary talk) প্ৰদান কৰে উত্তৰ-পূব পাৰ্বত্য বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক দেৱেন্দ্ৰ কুমাৰ নায়কে। সন্মিলনত অধ্যাপক হৰিপ্ৰসন্ন দাসৰ স্মৃতিত বিশেষ বক্তৃতা প্ৰদান কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক অৱনী কুমাৰ ভাগৱতীয়ে।

উক্ত আলোচনা চক্ৰখন সঞ্চালনা কৰে দৰং মহাবিদ্যালয়ৰ প্ৰাক্তন বিভাগীয় মুৰব্বী অধ্যাপক তথা ৰঙাপৰা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড০ শৈলেন্দ্ৰ বৰঠাকুৰে। ৩ নবেম্বৰৰ দিনটোত 'অধ্যাপক পৰমানন্দ কলিতা স্মৃতি বক্তৃতা' প্ৰদান কৰে

বিকালি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ড° এম গোপাল সিংহই আৰু উক্ত আলোচনা চক্ৰখন সঞ্চালনা কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ জেষ্ঠ অধ্যাপক ড০ বিমল কুমাৰ কৰে। প্ৰয়াত অধ্যাপক মিনধৰ বৰঠাকুৰৰ স্মৃতিত উত্তৰ-পূব ভাৰতৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহৰ ভূগোল বিজ্ঞান বিভাগৰ স্নাতকোত্তৰ ছাত্ৰ ছাত্ৰী সকলৰ মাজত অনুষ্ঠিত হোৱা বক্তৃতা প্ৰতিযোগিতাখন সঞ্চালনা কৰে উত্তৰ-পূব ভাৰত ভূগোল সংস্থাৰ উপ সভাপতি ড° কল্যাণ দাসে আৰু বিচাৰকৰ দায়িত্ব পালন কৰে উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ অধ্যাপিকা ড০ স্বপ্নালী গগৈ, ড০ এম. গোপাল সিংহ আৰু ডিমৰীয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ মানেৱেন্দ্ৰ বৰকাকতিয়ে। কালি বিয়লি অনুষ্ঠিত হোৱা মুকলি অধিৱেশন খনি সঞ্চালনা কৰে অধ্যাপক অশোক কুমাৰ বৰাই।

উক্ত অনুষ্ঠানত উত্তৰ-পূব ভাৰতৰ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ ভূগোল বিজ্ঞান বিভাগৰ অৱসৰ প্ৰাপ্ত অধ্যাপক অধ্যাপিকা সকলক সম্বৰ্দ্ধনা জনোৱাৰ উপৰিও ভূগোল বিজ্ঞানৰ শ্ৰেষ্ঠ স্নাতক, শ্ৰেষ্ঠ স্নাতকোত্তৰ আৰু ছাত্ৰ-ছাত্ৰী সকলৰ মাজত অনুষ্ঠিত বিভিন্ন প্ৰতিযোগিতাৰ বঁটা সমূহ বিতৰণ কৰা হয়। সন্মিলনখনিত সংস্থাৰ বিষয়ববীয়া আৰু সদস্যসকলে অংশ গ্ৰহণ কৰাৰ উপৰিও উত্তৰ পূৰ্বাঞ্চলৰ বিশ্ববিদ্যালয়, মহাবিদ্যালয়ৰ শিক্ষক, গৱেষক আৰু ছাত্ৰ ছাত্ৰী সকলে গৱেষণা পত্ৰ পাঠ কৰে।

সংস্থাৰ প্ৰতিনিধি সভাত বিভিন্ন বিষয়ৰ ওপৰত আলোচনা হোৱাৰ উপৰিও অধ্যাপক অশোক কুমাৰ বৰাক সভাপতি আৰু ড° মানস জ্যোতি নাথক সাধাৰণ সম্পাদক হিচাবে নিৰ্বাচিত কৰি উত্তৰ-পূব ভাৰত ভূগোল সংস্থাৰ নতুন কমিটী গঠন কৰা হয়।

এই অধিবেশনৰ প্ৰস্তাৱ সমূহ শিক্ষাবিদ আৰু গৱেষক সকলৰ মাজত ভাৱৰ আদান-প্ৰদান, কাৰিকৰী উপস্থাপন, আলোচনা আৰু স্মাৰক বক্তৃতাৰ জৰিয়তে শৈক্ষিক উদ্দীপনাৰ এক মঞ্চ হৈ পৰিব বুলি আশা কৰা হৈছে।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande