ভাৰতীয় ৰিজাৰ্ভ বেংকে বিত্তীয় বজাৰৰ বাবে গঠন কৰিলে কাৰিকৰী পৰামৰ্শদাতা সমিতি
নতুন দিল্লী, ০৪ নৱেম্বৰ (হি.স.)। ভাৰতীয় ৰিজাৰ্ভ বেংকে বিত্তীয় বজাৰৰ কাৰিকৰী পৰামৰ্শদাতা সমিতি গঠনৰ কথা ঘোষণা কৰে। এই সমিতিখনে অন্যান্য খণ্ডৰ লগতে মুদ্ৰা বজাৰ আৰু চৰকাৰী ছিকিউৰিটিজৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ নীতি আৰু কাৰ্য্যকৰী বিষয়সমূহৰ ওপৰত গুৰুত
रिजर्व बैंक के लोगो का प्रतीकात्मक चित्र


रिजर्व बैंक की ओर से जारी अधिसूचना का चित्र


নতুন দিল্লী, ০৪ নৱেম্বৰ (হি.স.)। ভাৰতীয় ৰিজাৰ্ভ বেংকে বিত্তীয় বজাৰৰ কাৰিকৰী পৰামৰ্শদাতা সমিতি গঠনৰ কথা ঘোষণা কৰে। এই সমিতিখনে অন্যান্য খণ্ডৰ লগতে মুদ্ৰা বজাৰ আৰু চৰকাৰী ছিকিউৰিটিজৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ নীতি আৰু কাৰ্য্যকৰী বিষয়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰিব।

আৰ বি আইয়ে এক অধিসূচনাযোগে উল্লেখ কৰিছে যে এই সমিতিখনৰ অধ্যক্ষতা হ’ব বিত্তীয় বজাৰ নিয়ন্ত্ৰণ বিভাগৰ দায়িত্বত থকা উপ-ৰাজ্যপালগৰাকীয়ে। এই দায়িত্ব বৰ্তমান উপ-ৰাজ্যপাল ৰোহিত জৈনে।

অধিসূচনা অনুসৰি, সমিতিখনে বজাৰত অংশগ্ৰহণকাৰী আৰু অন্যান্য অংশীদাৰসকলৰ সৈতে ধন, চৰকাৰী ছিকিউৰিটিজ আৰু বৈদেশিক মুদ্ৰাৰ বজাৰৰ লগতে ইয়াৰ সম্পৰ্কীয় ডেৰাইভেটিভ (ভৱিষ্যৎ আৰু বিকল্প) বজাৰ আৰু আন্তঃগাঁথনিৰ সৈতে জড়িত নীতি আৰু কাৰ্য্যকৰী বিষয়সমূহৰ ওপৰত গাঁথনিগত আলোচনাৰ বাবে এক মঞ্চ প্ৰদান কৰিব।

এই সমিতিৰ সদস্যসকলৰ ভিতৰত আছে ভাৰতীয় ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব’ৰ্ডৰ প্ৰাক্তন পূৰ্ণকালীন সদস্য তথা আই আই টি বম্বেৰ প্ৰেকটিছৰ অধ্যাপক অনন্ত নাৰায়ণ, এক্সিছ বেংকৰ কাৰ্যবাহী সঞ্চালক নীৰজ গম্ভীৰ, আই চি আই চি আই বেংকৰ কোষাগাৰ আৰু অৰ্থনৈতিক গৱেষণাৰ মুৰব্বী শৈলেন্দ্ৰ ঝিংগান, চিটিবেংক ইণ্ডিয়াৰ পৰিচালন সঞ্চালক তথা বজাৰ মুৰব্বী আদিত্য বাগ্ৰী। লগতে কমিটীত আছে ফিমমডাৰ অধ্যক্ষ তথা ষ্টেট বেংক অৱ ইণ্ডিয়াৰ উপ-পৰিচালন সঞ্চালক ছামশ্বেৰ সিং, চিচিআইএলৰ পৰিচালন সঞ্চালক নন্দ কিশোৰ আৰু মৰ্গান ষ্টেনলি ইণ্ডিয়াৰ পৰিচালন সঞ্চালক ৰিধাম দেশাই।

কেন্দ্ৰীয় বেংকে কয় যে কমিটীয়ে ব্যৱসায়, ক্লিয়াৰিং, নিষ্পত্তি, প্ৰতিবেদন, আৰু অন্যান্য বজাৰ আন্তঃগাঁথনিৰ লগতে আনুষংগিক নিয়ন্ত্ৰণ আৰু কাৰ্য্যকৰী কাঠামোৰ সৈতে জড়িত বিষয়সমূহ বিবেচনা কৰিব। আৰ বি আইয়ে উল্লেখ কৰিছে যে প্ৰতি ত্ৰিমাসিকত এবাৰ হ’লেও কমিটীৰ বৈঠক অনুষ্ঠিত হ’ব। এই পদক্ষেপ ৭ অক্টোবৰত জাৰি কৰা উন্নয়ন আৰু নিয়ন্ত্ৰণ নীতি সম্পৰ্কীয় বিবৃতিৰ সৈতে মিল আছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande