
শোণিতপুৰ, ০৪ নৱেম্বৰ (হি.স.) । তেজপুৰ বিশ্ববিদ্যালয়ৰ ব্যৱস্থাপনা বিজ্ঞান বিদ্যালয়ৰ উদ্যোগত অধ্যাপক মাধৱ চন্দ্ৰ বৰা স্মৃতি দিৱসৰ সৈতে সংগতি ৰাখি অধ্যাপক মাধৱ চন্দ্ৰ বৰা কুইজ প্ৰতিযোগিতা আৰু স্মাৰক বক্তৃতাৰ আয়োজন কৰা হৈছে । প্ৰতিযোগিতাখন ২০২৬ চনৰ ১৬ নৱেম্বৰত তেজপুৰ বিশ্ববিদ্যালয়ত অনুষ্ঠিত হ’ব ।
অসমৰ এগৰাকী বিশিষ্ট শিক্ষাবিদ অধ্যাপক আৰু অভিযন্তা মাধৱ চন্দ্ৰ বৰা ১৯৯৬ চনত তেজপুৰ বিশ্ববিদ্যালয়ত ব্যৱসায় প্ৰশাসন বিভাগৰ অধ্যাপক তথা মুৰব্বী হিচাপে যোগদান কৰিছিল আৰু পৰৱৰ্তী সময়ত বিশ্ববিদ্যালয়ৰ ব্যৱস্থাপনা বিজ্ঞান বিদ্যালয়ৰ প্ৰতিষ্ঠাপক ডীন হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
“এক্ট ইষ্ট – মানুহ, অংশীদাৰিত্ব, সমৃদ্ধি” (ACT EAST – People, Partnership, Prosperity) শীৰ্ষক বিষয়বস্তুক আধাৰ হিচাপে লৈ আয়োজন কৰা এই আন্তঃপ্ৰতিষ্ঠানিক কুইজ প্ৰতিযোগিতাৰ মূল উদ্দেশ্য হৈছে ছাত্ৰ-ছাত্ৰীৰ মাজত বৌদ্ধিক চৰ্চাৰ পৰিৱেশ গঢ়ি তোলা, ভাৰতৰ এক্ট ইষ্ট নীতি আৰু ইয়াৰ আঞ্চলিক প্ৰভাৱ সম্পৰ্কে সজাগতা বৃদ্ধি কৰা তথা বিভিন্ন শিক্ষানুষ্ঠানৰ মাজত শৈক্ষিক আদান-প্ৰদান আৰু প্ৰতিষ্ঠানিক সম্পৰ্ক সুদৃঢ় কৰা।
স্বীকৃতিপ্ৰাপ্ত শিক্ষানুষ্ঠানৰ একাদশ শ্ৰেণীৰ পৰা পি এইচ ডি পৰ্যায়লৈকে নিয়মীয়া পাঠ্যক্ৰমত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব। প্ৰতিটো দলত একেখন শিক্ষানুষ্ঠানৰ দুগৰাকী নিয়মীয়া ছাত্ৰ-ছাত্ৰী থাকিব লাগিব।
প্ৰতিযোগিতাৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থানপ্ৰাপ্ত দলক ক্ৰমে ১৫,০০০ টকা, ১০,০০০ টকা আৰু ৫,০০০ টকাৰ নগদ পুৰস্কাৰ প্ৰদান কৰা হ’ব।
প্ৰথম পুৰস্কাৰৰ সৈতে অধ্যাপক মাধৱ চন্দ্ৰ বৰা চলন্ত ট্ৰফীও প্ৰদান কৰা হ’ব। বিজয়ী দলসমূহক স্মাৰক আৰু প্ৰমাণপত্ৰও প্ৰদান কৰা হ’ব।
ইয়াৰ অংশ হিচাপে অনুষ্ঠিত হ’বলগীয়া অধ্যাপক মাধৱ চন্দ্ৰ বৰা স্মাৰক বক্তৃতা, ২০২৬ প্ৰদান কৰিব নগাঁও জিলাৰ জিলা আয়ুক্ত আৰণ্যক শইকীয়াই। এক্ট ইষ্ট নীতি আৰু দক্ষিণ-পূব এছিয়া শীৰ্ষক বক্তৃতাটোত ভাৰত চৰকাৰৰ এক্ট ইষ্ট নীতিৰ গুৰুত্ব, বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ইয়াৰ তাৎপৰ্যৰ ওপৰত আলোকপাত কৰা হ’ব।
প্ৰতিযোগিতাৰ বিস্তৃত নিৰ্দেশনা, যোগ্যতাৰ চৰ্ত, পঞ্জীয়ন প্ৰক্ৰিয়া আৰু অন্যান্য প্ৰাসংগিক তথ্য তেজপুৰ বিশ্ববিদ্যালয়ৰ ৱেবছাইটত উপলব্ধ।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ