প্ৰধানমন্ত্ৰীৰ বৃহস্পতিবাৰে এছিয়ান পেৰা গেমছৰ পদক বিজয়ীসকলৰ সৈতে মত বিনিময়
নতুন দিল্লী, ০৪ নৱেম্বৰ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে ইন্দিৰা গান্ধী ক্ৰীড়া পৰিসৰত ২০২৬ চনৰ এছিয়ান পেৰা গেমছত অংশগ্ৰহণ কৰা ভাৰতীয় খেলুৱৈৰ দলটোৰ সৈতে মত বিনিময় কৰিব । লগতে তেওঁ সমাৱেশত ভাষণ দিব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ
प्रधानमंत्री नरेन्द्र मोदी मंगलवार को भारत मंडपम में आयोजित ‘इमर्जिंग साइंस, टेक्नोलॉजी एंड इनोवेशन कॉन्क्लेव’ (ईएसटीआईसी) 2026 के उद्घाटन सत्र को संबोधित करते हुए


নতুন দিল্লী, ০৪ নৱেম্বৰ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে ইন্দিৰা গান্ধী ক্ৰীড়া পৰিসৰত ২০২৬ চনৰ এছিয়ান পেৰা গেমছত অংশগ্ৰহণ কৰা ভাৰতীয় খেলুৱৈৰ দলটোৰ সৈতে মত বিনিময় কৰিব । লগতে তেওঁ সমাৱেশত ভাষণ দিব।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ তথ্য অনুসৰি অহা ৫ নৱেম্বৰত সন্ধিয়া প্ৰায় ৪:৩০ বজাত প্ৰধানমন্ত্ৰী মোদীয়ে খেলুৱৈসকলক সাক্ষাৎ কৰিব। এই অনুষ্ঠানত এছিয়ান পেৰা গেমছৰ অংশগ্ৰহণকাৰী, তেওঁলোকৰ প্ৰশিক্ষক, ইণ্ডিয়ান পেৰালিম্পিক কমিটী আৰু ইণ্ডিয়ান অলিম্পিক এছ’চিয়েশ্যনৰ বিষয়া, ৰাষ্ট্ৰীয় ক্ৰীড়া ফেডাৰেচনৰ প্ৰতিনিধি, যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ বিষয়াসকলে অংশগ্ৰহণ কৰিব।

জাপানৰ আইচি-নাগোয়াত অনুষ্ঠিত এইবাৰ এছিয়ান পেৰা গেমছত ভাৰতে এতিয়ালৈকে সৰ্বোত্তম প্ৰদৰ্শন অৰ্জন কৰে। ৯৭ গৰাকী ভাৰতীয় পেৰা এথলীটে মুঠ ১১৪ টা পদক লাভ কৰে, য’ত ৩০ টা সোণ, ৩৫ টা ৰূপ আৰু ৪৯ টা ব্ৰঞ্জৰ পদক লাভ কৰে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande