
কাঠমাণ্ডু, ০৪ নৱেম্বৰ (হি.স.)। ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে নেপাল ভ্ৰমণৰ সময়ত তেওঁৰ সমকক্ষ অমৃত ৰায়ৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। এই আলোচনাৰ সময়ত নেপালৰ প্ৰধানমন্ত্ৰী বলেন্দ্ৰ শ্বাহৰ ভাৰত ভ্ৰমণৰ এজেণ্ডাৰ বিষয়ে আলোচনা কৰা হয়।
ভাৰতীয় বৈদেশিক সচিবগৰাকীয়ে উল্লেখ কৰে যে বুধবাৰৰ আলোচনাত প্ৰধানমন্ত্ৰীৰ ভাৰত ভ্ৰমণৰ সৈতে জড়িত বিভিন্ন গুৰুত্বপূৰ্ণ পদক্ষেপৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব। ইয়াৰ বাবে বিশদ কাৰ্যসূচী প্ৰস্তুত কৰা হৈছে, আৰু তেওঁ নেপালী বৈদেশিক সচিবৰ সৈতে আলোচনা কৰিবলৈ আগ্ৰহী। ভাৰতৰ বৈদেশিক সচিবগৰাকীয়ে উল্লেখ কৰে যে ভোটেকোশী বানপানীয়ে ক্ষতিগ্ৰস্ত হোৱা নেপালৰ আন্তঃগাঁথনি পুনৰ নিৰ্মাণ আৰু পুনৰুদ্ধাৰৰ ক্ষেত্ৰত ভাৰত সহযোগিতা আগবঢ়াবলৈ সাজু।
বুধবাৰে নেপাল ভ্ৰমণৰ সময়ত বৈদেশিক সচিব অমৃত বাহাদুৰ ৰায়কে ধৰি নেপালী প্ৰতিনিধি দলৰ সৈতে আলোচনাৰ সময়ত মিশ্ৰীয়ে উল্লেখ কৰে যে বানপানীয়ে নেপালৰ আন্তঃগাঁথনিৰ যথেষ্ট ক্ষতিসাধন কৰিছে, আৰু ভাৰতে ইয়াৰ পুনৰ নিৰ্মাণত সহায় কৰিবলৈ ইচ্ছুক। মিশ্ৰীয়ে উল্লেখ কৰে যে দীৰ্ঘদিনীয়া সমস্যা সমাধান আৰু দুয়োপক্ষই আৰম্ভ কৰা গুৰুত্বপূৰ্ণ পদক্ষেপসমূহ ৰূপায়ণৰ ক্ষেত্ৰত অগ্ৰগতি লাভ কৰা হৈছে। ইয়াৰ বাবে দুয়োপক্ষৰ বিষয়াসকল প্ৰশংসা আৰু অভিনন্দনৰ যোগ্য।
তেওঁ কয় যে ভাৰত আৰু নেপালৰ মাজত এক অনন্য সম্পৰ্ক আছে আৰু সুখ-দুখ প্ৰতিটো পৰিস্থিতিতে দুয়োখন দেশ অংশীদাৰ হৈ আহিছে। মিশ্ৰীয়ে উল্লেখ কৰে যে ভোটেকোছি বানপানীৰ পিছত হোৱা কঠিন পৰিস্থিতিয়ে দুয়োখন দেশৰ মাজৰ সম্পৰ্কক কাৰ্যক্ষেত্ৰত প্ৰদৰ্শন কৰাৰ সুযোগ প্ৰদান কৰিছিল। ভাৰতে নেপালক সাহায্য আগবঢ়াইছে যদিও এই দুৰ্যোগৰ ফলত নেপালৰ আন্তঃগাঁথনিৰ যথেষ্ট ক্ষতি আৰু ধ্বংসলীলা ভাৰতেও বুজি পায়।
তেওঁ উল্লেখ কৰে যে নেপালত পুনৰ নিৰ্মাণ আৰু পুনৰ্বাসন প্ৰক্ৰিয়া আগবাঢ়ি যোৱাৰ লগে লগে ভাৰতে প্ৰয়োজনীয় সাহায্য আৰু প্ৰকল্পৰ প্ৰস্তাৱ বিবেচনা কৰিবলৈ সাজু। মিশ্ৰীয়ে উল্লেখ কৰে যে এই বিষয়ত ইতিমধ্যে প্ৰাৰম্ভিক আলোচনা হৈছে। তেওঁ লগতে কয় যে নেপালৰ নেতৃত্বৰ সৈতে বিতংভাৱে অধিক আলোচনাৰ বাবে তেওঁ আগ্ৰহী। তেওঁ দুয়োখন দেশৰ মাজত বিভিন্ন গুৰুত্বপূৰ্ণ পদক্ষেপ আৰু সহযোগিতাক আগুৱাই নিয়াৰ বাবে বিষয়াসকলে কৰা প্ৰচেষ্টাৰ শলাগ লৈ ভৱিষ্যতেও সহযোগিতা অব্যাহত থাকিব বুলি আস্থা প্ৰকাশ কৰে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া