
কোকৰাঝাৰ, ০৪ নৱেম্বৰ (হি.স.)। কোকৰাঝাৰ চহৰৰ অন্যতম ঐতিহ্যবাহী শিক্ষানুষ্ঠান পি এম শ্ৰী কোকৰাঝাৰ ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে গৌৰৱময় ৭৫ বছৰীয়া শৈক্ষিক যাত্ৰা সম্পূৰ্ণ কৰি প্লেটিনাম জয়ন্তী উদযাপনৰ এক গৌৰৱোজ্জ্বল ক্ষণত উপনীত হৈছে। শিক্ষাৰ পোহৰ বিলোৱাৰ মহান উদ্দেশ্যৰে আৰম্ভ হোৱা বিদ্যালয় খনৰ এই ৭৫ বছৰীয়া যাত্ৰা কেৱল এখন শিক্ষানুষ্ঠানৰ সফলতাৰ কাহিনী নহয়, বৰঞ্চ অঞ্চলটোৰ নাৰী শিক্ষা, সামাজিক উত্তৰণ আৰু শৈক্ষিক বিকাশৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ অধ্যায় হিচাপে পৰিগণিত হৈছে।
প্ৰতিষ্ঠাৰ দিনৰে পৰা বিদ্যালয় খনে কোকৰাঝাৰ তথা ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত নাৰী শিক্ষাৰ প্ৰসাৰ আৰু ছাত্ৰীসকলৰ সৰ্বাংগীণ বিকাশৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰি আহিছে। এটা সময়ত নাৰী শিক্ষাৰ ক্ষেত্ৰত বিভিন্ন সামাজিক প্ৰত্যাহ্বান আৰু সীমাবদ্ধতা থকাৰ মাজতো বিদ্যালয় খনে ছাত্ৰী সকলক শিক্ষাৰ সুযোগ প্ৰদান কৰি তেওঁলোকক আত্মনিৰ্ভৰশীল আৰু আত্মবিশ্বাসী কৰি তোলাৰ ক্ষেত্ৰত নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছিল। বিগত সাতটা দশকত বিদ্যালয় খনৰ পৰা শিক্ষা গ্ৰহণ কৰি ওলাই যোৱা অসংখ্য ছাত্ৰীয়ে আজি সমাজৰ বিভিন্ন ক্ষেত্ৰত নিজৰ প্ৰতিভা, দক্ষতা আৰু কৰ্মনিষ্ঠাৰে বিশেষ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে।
প্লেটিনাম জয়ন্তী উদযাপনৰ এই বিশেষ ক্ষণত বিদ্যালয় খনৰ প্ৰতিষ্ঠাৰ সৈতে জড়িত মহান ব্যক্তিসকলৰ অৱদান শ্ৰদ্ধাৰে স্মৰণ কৰাৰ লগতে বিদ্যালয়খনৰ শৈক্ষিক উত্তৰণৰ বাবে জীৱনজুৰি সেৱা আগবঢ়োৱা সকলো শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰী আৰু শুভাকাংক্ষীৰ অৱদান কৃতজ্ঞতাৰে স্মৰণ কৰা হৈছে। একেদৰে বিদ্যালয় খনৰ প্ৰাক্তন ছাত্ৰীসকলৰ স্মৃতি, অভিজ্ঞতা আৰু সাফল্যই এই উদযাপনক অধিক অৰ্থৱহ কৰি তুলিছে। বিদ্যালয় খনৰ ৭৫ বছৰীয়া গৌৰৱময় যাত্ৰাক কেন্দ্ৰ কৰি প্ৰাক্তন আৰু বৰ্তমানৰ ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক, প্ৰাক্তন শিক্ষাৰ্থী তথা শুভাকাংক্ষী সকলৰ মাজত আনন্দ, উৎসাহ আৰু আবেগৰ পৰিৱেশে বিৰাজ কৰিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ