তেজপুৰ মহিলা সমিতিৰ উদ্যোগত ধূপ কাঠি প্ৰস্তুতৰ কৰ্মশালা
শোণিতপুৰ, ০৪ নৱেম্বৰ (হি.স.) । মহিলা সকলৰ আৰ্থিক স্বাৱলম্বিতাৰ লগতে তেওঁলোকৰ কৰ্ম দক্ষতা বৃদ্ধিৰে উপাৰ্জনৰ পথ প্ৰশস্ত কৰাৰ উদ্দেশ্যে তেজপুৰ মহিলা সমিতিৰ উদ্যোগত আজি আয়োজন কৰা হয় জৈৱিক পদ্ধতিৰে সুগন্ধি ধূপকাঠি প্ৰস্তুত কৰা এক কৰ্মশালা ৷ ১৯৪৭ত প্ৰতিষ
তেজপুৰ মহিলা সমিতিৰ উদ্যোগত ধূপ কাঠি প্ৰস্তুতৰ কৰ্মশালা


শোণিতপুৰ, ০৪ নৱেম্বৰ (হি.স.) । মহিলা সকলৰ আৰ্থিক স্বাৱলম্বিতাৰ লগতে তেওঁলোকৰ কৰ্ম দক্ষতা বৃদ্ধিৰে উপাৰ্জনৰ পথ প্ৰশস্ত কৰাৰ উদ্দেশ্যে তেজপুৰ মহিলা সমিতিৰ উদ্যোগত আজি আয়োজন কৰা হয় জৈৱিক পদ্ধতিৰে সুগন্ধি ধূপকাঠি প্ৰস্তুত কৰা এক কৰ্মশালা ৷ ১৯৪৭ত প্ৰতিষ্ঠা হোৱা ৰাজ্যৰ নাৰী সৱলীকৰণৰ ক্ষেত্ৰত অতিশয় গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহা মহিলা সমিতি খনে বিভিন্ন সময়ত মহিলা সকলক আৰ্থিক ভাবে স্বাৱলম্বী কৰিতোলাৰ উদ্দেশ্যে বিভিন্ন প্ৰশিক্ষণৰ লগতে উৎপাদনশীল কাৰ্যসূচী অনুষ্ঠিত কৰি আহিছে ৷ ইয়াৰে অংশ হিচাপে আজি তেজপুৰ মহিলা সমিতিৰ উদ্যোগত তেজপুৰৰ মুঠ ৫৫গৰাকী মহিলাক ধুনা, কৰ্পুৰ, তেজপাত, ইলাচি, জালুকৰ গুড়া, গংগাজল,তুলসী আদিৰ সংমিশ্ৰণৰে সুগন্ধি ধূপ প্ৰস্তুতৰ এক প্ৰশিক্ষণ আৰম্ভ কৰে৷

প্ৰশিক্ষিকা নমিতা চহৰীয়াৰ তত্বাবধানত অনুষ্ঠিত এই কৰ্মশালা সন্দৰ্ভত তেজপুৰ মহিলা সমিতিৰ সভানেত্ৰী মিতা নাংগীয়া গোস্বামীয়ে কয় যে, আজিৰ এই কৰ্মশালাৰে ধূপকাঠি প্ৰস্তুত কৰিবলৈ সক্ষম হোৱা মহিলা সকলৰ দ্বাৰা উৎপাদিত ধূপকাঠি সমূহ মহিলা সকলে নিজাববীয়াকৈ বিক্ৰী কৰাৰ সুযোগৰ উপৰিও তেজপুৰ মহিলা সমিতিয়েও তেওঁলোকৰ পৰা ক্ৰয় কৰি সেয়া বিক্ৰীৰ ব্যৱস্থা কৰিব ৷ তদুপৰি, প্ৰশিক্ষিত মহিলাসকলৰ মাজত পাঁচটা গোট কৰি তেওঁলোকক ধূপকাঠি প্ৰস্তুত কৰিবলৈ প্ৰয়োজন হোৱা একোটা যন্ত্ৰও মহিলা সমিতিখনে ক্ৰয় কৰি দিয়াৰ পৰিকল্পনা কৰা বুলিও জিলা মহিলা সমিতিখনৰ সভানেত্ৰী গৰাকীয়ে ব্যক্ত কৰে ৷

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande