পশ্চিম কাৰ্বি আংলঙত হাতীৰ ৰহস্যজনক মৃত্যু
পশ্চিম কাৰ্বি আংলং, ০৪ নৱেম্বৰ (হি.স.)। পশ্চিম কাৰ্বি আংলং জিলাত আজি উদ্ধাৰ হৈছে এটা বনৰীয়া হাতীৰ মৃতদেহ। জিলা খনৰ চেঙচেঙ বিল অঞ্চলত উদ্ধাৰ হৈছে এটা মতা বনৰীয়া হাতীৰ মৃতদেহ। হাতীটোৱে বিষাক্ত খাদ্য সেৱন কৰাৰ ফলত বিষক্ৰিয়াত হৈ মৃত্যু হোৱা বুলি সন্দেহ
পশ্চিম কাৰ্বি আংলঙত হাতীৰ ৰহস্যজনক মৃত্যু


পশ্চিম কাৰ্বি আংলং, ০৪ নৱেম্বৰ (হি.স.)। পশ্চিম কাৰ্বি আংলং জিলাত আজি উদ্ধাৰ হৈছে এটা বনৰীয়া হাতীৰ মৃতদেহ। জিলা খনৰ চেঙচেঙ বিল অঞ্চলত উদ্ধাৰ হৈছে এটা মতা বনৰীয়া হাতীৰ মৃতদেহ। হাতীটোৱে বিষাক্ত খাদ্য সেৱন কৰাৰ ফলত বিষক্ৰিয়াত হৈ মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে।

ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে বন বিভাগৰ লোক। হাতীটোৰ মৃত্যুৰ প্ৰকৃত কাৰণ জানিবলৈ বন বিভাগে আৰম্ভ কৰিছে তদন্ত।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande