
– ড° কৰবী ডেকা হাজৰিকা, প্ৰহ্লাদ চন্দ্ৰ তাছা, ড° অনিল শইকীয়া, থানেশ্বৰ মালাকাৰ আৰু ড° জগদীশ পাটগিৰীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব
শোণিতপুৰ, ০৪ নৱেম্বৰ (হি.স.) । অসম সাহিত্য সভাৰ যোৰহাটস্থিত কেন্দ্ৰীয় কাৰ্যালয়ত সভাৰ ২০২৭-২৯ কার্যবৰ্ষৰ বাবে হ'বলগা সভাপতি পদৰ নিৰ্বাচনৰ বাবে নিৰ্বাচনৰ উচ্চ স্তৰীয় সমিতিৰ বৈঠক সফলভাৱে সমাপ্ত হয়। অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক সংবাদ বিজ্ঞপ্তিত কয় যে- অসম সাহিত্য সভাৰ ২০২৭-২৯ কার্যবৰ্ষৰ বাবে হ'ব লগা সভাপতি পদৰ নিৰ্বাচনৰ বাবে অসম সাহিত্য সভাৰ সংবিধানৰ আধাৰত এখন সাতজনীয়া উচ্চ স্তৰীয় সমিতি গঠন কৰি দিয়া হয়। উক্ত সমিতিখনৰ এখন সভা সভাৰ সভাপতি ড° বসন্তকুমাৰ গোস্বামীৰ পৌৰোহিত্যত আজি অনুষ্ঠিত হয়।
উক্ত বৈঠকত সভাৰ উপসভাপতি পদুম ৰাজখোৱা, প্রাক্তন সভাপতি ড° সূর্য্যকান্ত হাজৰিকা, প্রাক্তন উপসভাপতি ডাঃ গিৰীশ সন্দিকৈ, সভাৰ সদস্যমহীয়ান ড° মহেশ্বৰ হাজৰিকা, সাহিত্যাচাৰ্য্য ড° ভীমকান্ত বৰুৱা আৰু প্ৰধান সম্পাদক দেৱজিৎ বৰা উপস্থিত থাকে। এই বৈঠকত সভাৰ দুলীয়াজান অধিৱেশনৰ বাবে নতুন সভাপতি পদৰ প্ৰাৰ্থীৰ বাবে কেইবাগৰাকীও বিশিষ্ট সাহিত্যিকৰ নাম আহে যদিও উচ্চস্তৰীয় সমিতিৰ আলোচনা মর্মে ড° কৰবী ডেকা হাজৰিকা, পদ্মশ্রী প্রহ্লাদ চন্দ্র তাছা, ড° অনিল শইকীয়া, থানেশ্বৰ মালাকাৰ আৰু ড° জগদীশ পাটগিৰীক আগন্তুক নিৰ্বাচনৰ বাবে বাছনি কৰে।
উল্লেখ্য যে নির্বাচিত সভাপতি পদৰ প্ৰাৰ্থীসকলৰ লগত যোগাযোগ কৰি সভাৰ তৰফৰ পৰা সন্মতি বিচৰা হৈছে আৰু আগন্তুক নিৰ্বাচনৰ বাবে সকলোৱেই সন্মতি প্রকাশ কৰিছে বুলি প্রধানভসম্পাদক দেৱজিৎ বৰাই জানিবলৈ দিছে।
ইফালে সভাৰ উপ-সভাপতি আৰু প্ৰধান সম্পাদক পদৰ নিৰ্বাচনৰ বাবে সভাৰ ওদালগুৰিত অনুষ্ঠিত কার্যনির্বাহক অধিৱেশনত গঠন কৰি দিয়া নির্বাচনী সমিতিৰ এখন সভা চন্দ্ৰকান্ত সন্দিকৈ ভৱনত অসম সাহিত্য সভাৰ সভাপতি ড° বসন্তকুমাৰ গোস্বামীৰ পৌৰোহিত্যত অনুষ্ঠিত হয়। উক্ত সভাত মুখ্য নির্বাচনী বিষয়া অৱসৰপ্ৰাপ্ত জিলা আৰু সত্ৰ ন্যায়াধীশ তথা বৰ্তমান ৰয়েল গ্ল'বেল বিশ্ববিদ্যালয়ৰ আইনৰ অধ্যাপক ড° থানেশ্বৰ কলিতা, নির্বাচন পৰিচালনা উপসমিতিৰ বিষয়া বিশিষ্ট শিক্ষাবিদ পৰেশ বৈশ্য আৰু অসম চৰকাৰৰ নটাৰী হিচাপে কৰ্মৰত ড° ৰাতুল শইকীয়া উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ