
নতুন দিল্লী, ২৭ নৱেম্বৰ (হি.স.)। সংসদ আৰু বিধানসভাত মহিলাসকলক ৩৩ শতাংশ সংৰক্ষণ প্ৰদানৰ দিশত এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে । শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত সেৱা তীৰ্থত এক বিশেষ কেন্দ্ৰীয় কেবিনেট বৈঠক অনুষ্ঠিত হয় ।
সূত্ৰ অনুসৰি, বৈঠকত সীমা নিৰ্ধাৰণ বিধেয়কত অনুমোদন জনোৱা হয় । ইয়াৰ অধীনত সকলো ৰাজ্যতে বৰ্তমানৰ লোকসভাৰ আসনৰ সংখ্যা ৫০ শতাংশ বৃদ্ধি কৰা হ’ব। সূত্ৰসমূহে জনোৱা মতে, এই বিধেয়কখনত ২০১১ চনৰ লোকপিয়লক আসন পুনৰ আবণ্টনৰ ভিত্তি হিচাপে ব্যৱহাৰ কৰাৰ ব্যৱস্থা কৰা হৈছে।
সূত্ৰ অনুসৰি এই প্ৰস্তাৱৰ লক্ষ্য হৈছে সীমা নিৰ্ধাৰণৰ পিছত যিকোনো ৰাজ্যই ৰাজনৈতিক অংশীদাৰিত্ব হেৰুৱাব পৰা সম্ভাৱনা দূৰ কৰা। ইয়াৰ উপৰিও ২০৫১ চনলৈকে ৰাজ্যসমূহৰ মাজত লোকসভাৰ আসনৰ বৰ্তমানৰ অনুপাত বজাই ৰখাৰ প্ৰস্তাৱো বিবেচনা কৰিব পাৰে। এই প্ৰস্তাৱক মহিলা সংৰক্ষণ কাৰ্যকৰী কৰাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে বিবেচিত হৈছে । সূত্ৰসমূহে জনোৱা মতে, ইয়াৰ দ্বাৰা ৩৩ শতাংশ মহিলা সংৰক্ষণ কাৰ্যকৰী কৰাৰ পথ মুকলি হ’ব পাৰে।
লক্ষণীয় যে অহা ৩০ নৱেম্বৰৰ পৰা লোকসভা আৰু ২ ডিচেম্বৰৰ পৰা ৰাজ্যসভাৰ কার্যসূচী আৰম্ভ হ’ব ৷ অহা ৩ ডিচেম্বৰত স্থগিত ৰখা হ’ব অধিৱেশন।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ