
- খৰ্গেসহ কেইবাজনো জ্যেষ্ঠ নেতা উপস্থিত
নতুন দিল্লী, ২৭ নৱেম্বৰ (হি.স.)। সংসদৰ আগন্তুক বিশেষ অধিৱেশনৰ কৌশল নিৰ্ণয়ৰ বাবে শুকুৰবাৰে নতুন দিল্লীৰ ছোনিয়া গান্ধীৰ বাসগৃহত (১০ জনপথ) কংগ্ৰেছ নেতাসকলৰ এখন বৈঠক অনুষ্ঠিত হয়।
কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধীৰ বাসগৃহত অনুষ্ঠিত হোৱা বৈঠকত দলৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেকে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ নেতাই অংশগ্ৰহণ কৰে। এই বৈঠকত সংসদ অধিৱেশনৰ সময়ত দলৰ কৌশল সন্দৰ্ভত আলোচনা কৰা হয়।
ইয়াৰ পূৰ্বে সভাত অংশগ্ৰহণ কৰিবলৈ পি চিদাম্বৰম, জয়ৰাম ৰমেশ, কে.চি. ভেনুগোপাল, কুমাৰী চেলজা, তাৰিক আনোৱাৰ, কে সুৰেশ, প্ৰমোদ তিৱাৰী, গৌৰৱ গগৈ আৰু ইমৰাণ মাছুদকে ধৰি কেইবাজনো নেতা ছোনিয়া গান্ধীৰ বাসগৃহত উপস্থিত হয়।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া