
নতুন দিল্লী, ১৭ নৱেম্বৰ (হি.স.)। মঙলবাৰে উচ্চতম ন্যায়ালয়ে কয় যে যোধপুৰ ধৰ্ষণ গোচৰত দোষী সাব্যস্ত হোৱা আৰু যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি ৰক্ষা কৰা ৰাজস্থান উচ্চ ন্যায়ালয়ে দিয়া আদেশক প্ৰত্যাহ্বান জনাই আশাৰাম বাপুৰ আবেদনৰ শুনানি শীতকালীন ছুটীৰ পিছত হ’ব। ন্যায়াধীশ জে বি পাৰদিৱালাৰ নেতৃত্বত গঠিত বিচাৰপীঠে উল্লেখ কৰে যে ২৬ অক্টোবৰত পেৰ’লৰ ম্যাদ উকলি যোৱাৰ লগে লগে আশাৰাম বাপুৱে এই গোচৰৰ কৰ্তৃপক্ষৰ ওচৰত আত্মসমৰ্পণ কৰে।
উল্লেখ্য যে যোৱা ৩০ জুনত আদালতে ৰাজস্থান চৰকাৰক জাননী জাৰি কৰিছিল । উচচতম ন্যায়ালয়ে আশাৰাম বাপুৰ শাস্তি স্থগিত ৰাখিবলৈ অস্বীকাৰ কৰিছিল । কাৰাগাৰত লাভ কৰি থকা চিকিৎসা সেৱা অব্যাহত ৰখাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ে কয় যে তেওঁৰ স্বাস্থ্যৰ প্ৰতি ভয়াৱহ ভাবুকি আহিলেহে জামিন প্ৰদানৰ কথা বিবেচনা কৰিব।
প্ৰায় ১১ বছৰ ধৰি ৰাজস্থানৰ যোধপুৰ কাৰাগাৰত দাখিল কৰা আশাৰামৰ জামিন আৱেদন কেইবাবাৰো নাকচ কৰা হৈছে। ২০১৩ চনত যৌন নিৰ্যাতনৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল আশাৰাম বাপু । ২০ আগষ্টত যোধপুৰ আশ্ৰমত তেওঁৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ গোচৰ ৰুজু হৈছিল । ছুৰাটৰ দুগৰাকী ভগ্নীয়েও ২০০১ চনত আশ্ৰমখনত ধৰ্ষণৰ অভিযোগ উত্থাপন কৰিছিল ।
---------------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ