
মাদ্ৰিদ, ১৬ নৱেম্বৰ (হি.স.)। নেচনছ লীগত ইংলেণ্ডে ঘৰুৱা ক্ষেত্ৰত দেওবাৰে ইউৰো আৰু বিশ্বকাপ বিজয়ী স্পেইনক ৩-২ গ’লত পৰাস্ত কৰি সুন্দৰ প্ৰদৰ্শন আগবঢ়ায়। এই পৰাজয়ে স্পেইনৰ ৪৩খন মেচৰ অপৰাজিত ধাৰাবাহিকতাৰ অন্ত পেলায় । ২০২৪ চনৰ মাৰ্চ মাহত কলম্বিয়াৰ হাতত ০-১ গ’লত পৰাস্ত হোৱাৰ পিছত দলটোৱে এয়াই প্ৰথমবাৰৰ বাবে পৰাজয়ৰ সন্মুখীন হৈছিল।
স্পেইনৰ বিৰুদ্ধে গোটেই খেলখনত ইংলেণ্ডে আগ্ৰাসী হেঁচা বজাই ৰাখিছিল। বিশ্বকাপৰ ছেমি ফাইনেলিষ্টৰ তীব্ৰ হেঁচাত স্পেইনৰ খেলুৱৈসকলে অহৰহ সংগ্ৰাম কৰি আছিল।
ইংলেণ্ডৰ অধিনায়ক হেৰী কেনে পেনাল্টি স্পটৰ পৰা গ’ল দিয়ে। ইংলেণ্ডৰ হৈ এয়া আছিল তেওঁৰ ৯৩ সংখ্যক গ’ল। ডিফেণ্ডাৰ এজৰি কনছা আৰু বেন হোৱাইটেও গ’ল দিয়ে।
পেনাল্টি স্পটৰ পৰা মাইকেল অয়াৰজাবালে গ’ল দিয়াৰ বিপৰীতে স্পেইনৰ হৈ নিকো উইলিয়ামছে দ্বিতীয়টো গ’ল সংযোজন কৰে। দুয়োটা গ’লত বাৰ্চিলোনাৰ তাৰকা লমিন ইয়ামালে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
খেলখনৰ অন্তিম পৰ্যায়ত স্পেইনে বাৰে বাৰে সমতা স্থাপনৰ চেষ্টা চলাইছিল যদিও ইংলেণ্ডৰ গ’লৰক্ষক জেমছ ট্ৰেফৰ্ডে কেইবাটাও উজ্জ্বল ছেভ কৰি তেওঁলোকৰ আশা বিফল কৰে। শুকুৰবাৰে অনুষ্ঠিত হ’ব কোৱাৰ্টাৰ ফাইনেলৰ ড্ৰ’।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ