
ধুবুৰী, ০৮ অক্টোবৰ (হি.স.)। গৌৰীপুৰত হঠাৎ বতৰে ল’লে কাল ৰূপ। প্ৰচণ্ড বৰষুণৰ লগতে তীব্ৰ ধুমুহাই সৃষ্টি কৰিলে আতংকময় পৰিৱেশ। হঠাৎ অহা বৰষুণ আৰু ঘন ক’লা ডাৱৰে দিনৰ ভাগতে আন্ধাৰ কৰি তোলে সমগ্ৰ গৌৰীপুৰ অঞ্চল। দিনৰ ভাগতে বাহনৰ হেডলাইট জ্বলাই পথত চলাচল কৰিবলগীয়া হয় যান-বাহন সমূহে।
প্ৰায় দুই ঘণ্টা সময় ধৰি অহা ধুমুহা বৰষুণৰ ফলত ভীষণ অসুবিধাৰ সন্মুখীন হব লগা হই বিদ্য়ালয়,মহাবিদ্য়ালয়ৰ ছাত্ৰ –ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী সহ আন চৰকাৰী কৰ্মচাৰী সকল,বাটৰ কাষত ব্য়ৱসায় কৰা ক্ষুদ্ৰ ব্য়ৱসায়ী সকল। বিভিন্ন স্থানত বৰষুণৰ বাবে আবদ্ধ হৈ থাকিব লগা হৈছে বিদ্য়ালয়ৰ ছাত্ৰ ছাত্ৰীৰ লগতে পথাচাৰী সকল।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ