দক্ষিণ শালমাৰা–মানকাচৰ জিলাৰ মানকাচৰত দুৰ্গা পূজাৰ প্ৰস্তুতি
দক্ষিণ শালমাৰা মানকাচৰ, ০৮ অক্টোবৰ (হি.স.)। দুৰ্গতিনাশিনী মা দুৰ্গাৰ পূজা সমাগত। প্ৰকৃতিতো পৰিছে শাৰদীয় বতৰা । তাৰ সমান্তৰালভাৱে দক্ষিণ শালমাৰা–মানকাচৰ জিলাৰ মানকাচৰত বৃদ্ধি পাইছে দুৰ্গা পূজাৰ প্ৰস্তুতি। মানকাচৰত দুৰ্গা পূজা উপলক্ষে দিনে-নিশা
দক্ষিণ শালমাৰা–মানকাচৰ জিলাৰ মানকাচৰত দুৰ্গা পূজাৰ প্ৰস্তুতি


দক্ষিণ শালমাৰা মানকাচৰ, ০৮ অক্টোবৰ (হি.স.)। দুৰ্গতিনাশিনী মা দুৰ্গাৰ পূজা সমাগত। প্ৰকৃতিতো পৰিছে শাৰদীয় বতৰা । তাৰ সমান্তৰালভাৱে দক্ষিণ শালমাৰা–মানকাচৰ জিলাৰ মানকাচৰত বৃদ্ধি পাইছে দুৰ্গা পূজাৰ প্ৰস্তুতি।

মানকাচৰত দুৰ্গা পূজা উপলক্ষে দিনে-নিশাই মৃন্ময় প্ৰতিমা নিৰ্মাণত ব্যস্ত মৃৎশিল্পী

।

পূজাৰ পূৰ্বে এতিয়া দিনে-নিশাই ব্যস্ত হৈ পৰিছে মৃৎশিল্পীসকল। মানকাচৰৰ মা কামাখ্যা শিল্পালয়ত এইবেলি নিৰ্মাণ কৰা হৈছে ১৯খন দুৰ্গা প্ৰতিমা । পাঁচজনীয়া মৃৎশিল্পীৰ দলে দিনে-নিশাই পৰিশ্ৰম কৰি নিৰ্মাণ কৰিছে প্ৰতিমাসমূহ।

শিল্পালয়খনত নিৰ্মাণ কৰা দুৰ্গা প্ৰতিমা মানকাচৰৰ বিভিন্ন পূজা মণ্ডপৰ উপৰি কাষৰীয়া মেঘালয়তো লৈ যোৱা হয়। অৱশ্যে মূল্যবৃদ্ধিৰ প্ৰভাৱ পৰিছে প্ৰতিমা নিৰ্মাণতো। সাজ-পোছাক, গহণা আৰু প্ৰতিমা নিৰ্মাণত ব্যৱহৃত বিভিন্ন সামগ্ৰীৰ মূল্য বৃদ্ধি পোৱাৰ ফলত এইবেলি প্ৰতিমাৰ মূল্য কিছু পৰিমাণে বৃদ্ধি পোৱাৰ পৰিৱৰ্তে অৰ্ডাৰৰ ওপৰত নিৰ্ভৰ কৰি মূল্য কিছু হ্ৰাস পোৱা বুলি মৃৎশিল্পীসকলে জানিবলৈ দিছে।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande