তামাৰহাটত ধুমুহা-বৰষুণত ভাঙি পৰিল ৮ খনত কৈ অধিক দুৰ্গাপূজাৰ গেট
কোকৰাঝাৰ, ০৮ অক্টোবৰ (হি.স.)। তামাৰহাটত আজি অহা প্ৰচণ্ড ধুমুহা-বৰষুণৰ ফলত জন জীৱন বিপৰ্জস্থ হৈ পৰে। ধুমুহা-বৰষুণৰ ফলত ভাঙি পৰিল ৮ খনত কৈ অধিক দুৰ্গাপূজাৰ গেট। গেট ভাঙি সম্পূৰ্ণৰূপে বন্ধ ১২৭নং ৰাষ্ট্ৰীয় ঘাইপথ,ব্যাহত যান-বাহনৰ চলাচল। তামাৰহাটত সাৰ্ব
তামাৰহাটত ধুমুহা-বৰষুণত ভাঙি পৰিল ৮ খনত কৈ অধিক দুৰ্গাপূজাৰ গেট


কোকৰাঝাৰ, ০৮ অক্টোবৰ (হি.স.)। তামাৰহাটত আজি অহা প্ৰচণ্ড ধুমুহা-বৰষুণৰ ফলত জন জীৱন বিপৰ্জস্থ হৈ পৰে। ধুমুহা-বৰষুণৰ ফলত ভাঙি পৰিল ৮ খনত কৈ অধিক দুৰ্গাপূজাৰ গেট। গেট ভাঙি সম্পূৰ্ণৰূপে বন্ধ ১২৭নং ৰাষ্ট্ৰীয় ঘাইপথ,ব্যাহত যান-বাহনৰ চলাচল। তামাৰহাটত সাৰ্বজনীন দুৰ্গা পূজাৰ বাবে ১২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে নিৰ্মাণ কৰা হৈছিল ৩০খনকৈ আলোক সজ্জাৰ গেট।

প্ৰচণ্ড ধুমুহা-বৰষুণত ৮ খনতকৈ অধিক গেট ভাঙি ঘাইপথৰ ওপৰত বাগৰি পৰে। ফলত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে ৰাষ্ট্ৰীয় ঘাইপথটো। এএছ ১৭ এন ৭৯৯৯ নম্বৰৰ এখন স্কুটীৰ ক্ষতিগ্ৰস্ত হয়। পূজা কমিটি আৰু স্থানীয় ৰাইজে গেটসমূহ আঁতৰাই ৰাষ্ট্ৰীয় ঘাইপথটো পুনৰ মুকলি কৰিবলৈ চেষ্টা কৰি আছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande