
হোজাই, ৮ অক্টোবৰ (হি.স.)। হোজাইত কংগ্ৰেছ দলৰ সদস্য আৰু নেতা সকলে কেন্দ্ৰীয় চৰকাৰ আৰু নিৰ্বাচন আয়োগৰ বিৰুদ্ধে এক প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰে। হাতে হাতে প্লে’ কাৰ্ড লৈ হোজাইৰ নেতাজি মূৰ্তিৰ প্ৰাঙ্গণৰ পৰা আৰম্ভ কৰি চহৰৰ মাজমজিয়াৰ মাজেৰে এক প্ৰতিবাদী সমদল বাহিৰ কৰে কংগ্ৰেছ কৰ্মী সকলে।
মুখ্য নিৰ্বাচন আয়োগ জ্ঞানেশ কুমাৰৰ পদত্যাগ আৰু বৰ্খাস্তৰ দাবীৰে উক্ত প্ৰতিবাদ উত্তাল হৈ উঠে। ইফালে, দেশজুৰি বিৰোধী নেতা তথা দলৰ নেতা সকলক অপমান কৰাৰ প্ৰতিবাদত আজি সমগ্ৰ দেশৰ লগতে হোজাইতো পালন কৰা হয় এই কলা দিৱস। প্ৰতিবাদস্থলীৰ পৰা কংগ্ৰেছ নেতৃত্বই স্পষ্ট কৰি দিয়ে যে, যদি নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত মুখ্য নিৰ্বাচন আয়ুক্ত গৰাকীয়ে পদত্যাগ নকৰে, তেন্তে ভৱিষ্যতে এই আন্দোলন আৰু অধিক তীব্ৰতৰ হৈ উঠিব।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ