
যোৰহাট, ০৮ অক্টোবৰ (হি.স.)। তিতাবৰত ৬৪৪ গৰাকী ৰান্ধনী-সহায়কক সম্বৰ্ধনা। সেৱা সংকল্প অভিযান ২০২৬ ৰ অংশ হিচাপে আজি তিতাবৰত পি এম পোষণৰ অধীনত নিযুক্ত ৬৪৪ গৰাকী ৰান্ধনী-সহায়কক বিশেষ সম্মান জনোৱা হয়। তিতাবৰ শিক্ষা খণ্ডৰ উদ্যোগত আয়োজিত এই সম্বৰ্ধনা অনুষ্ঠান তিতাবৰৰ দেৱ কুমাৰ বৰা সোঁৱৰণী প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়।
অনুষ্ঠানত প্ৰতি গৰাকী ৰান্ধনী-সহায়কক ১,০০০ টকাৰ চেক প্ৰদান কৰি সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত তিতাবৰ সমষ্টিৰ বিধায়ক ধীৰাজ গোৱালা, তিতাবৰ শিক্ষা খণ্ডৰ বিষয়ববীয়া আৰু বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে। পি এম পোষণ আঁচনিৰ জৰিয়তে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক মধ্যাহ্ন ভোজন যোগান ধৰাৰ ক্ষেত্ৰত ৰান্ধনী-সহায়ক সকলে আগবঢ়োৱা অৱদানৰ শলাগ লৈ বিধায়ক গৰাকীয়ে তেওঁলোকক উৎসাহিত কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ