
গুৱাহাটী, ০৭ অক্টোবৰ (হি.স.)। স্কাউটছ আৰু গাইডছৰ কৃতিত্ব আৰু সেৱাৰ স্বীকৃতি প্ৰদানৰ উদ্দেশ্যে ৰাজ্য পুৰস্কাৰ ৰেলীৰ আয়োজন উত্তৰ-পূব সীমান্ত ৰেলৱেৰ। উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ ভাৰত স্কাউটছ এণ্ড গাইডছে মালিগাঁৱস্থিত ৰং ভৱন আৰু ৰাজ্যিক প্ৰশিক্ষণ কেন্দ্ৰত এই ৰাজ্য পুৰস্কাৰ বঁটা ৰেলীৰ আয়োজন কৰে।
ৰাজ্য পুৰস্কাৰ বঁটাক স্কাউটছ, গাইডছ, ৰ’ভাৰছ আৰু ৰেঞ্জাৰছসকলে ৰাজ্যিক পৰ্যায়ত লাভ কৰা সৰ্বোচ্চ বঁটা হিচাপে গণ্য কৰা হয়। উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মহাপ্ৰবন্ধক তথা উত্তৰ-পূব সীমান্ত ৰেলৱেৰ ভাৰত স্কাউটছ এণ্ড গাইডছৰ মুখ্য পৃষ্ঠপোষক চেতন কুমাৰ শ্ৰীবাস্তৱ আৰু উত্তৰ-পূব সীমান্ত ৰে'লৱে মহিলা কল্যাণ সংস্থাৰ সভানেত্ৰী শালিনী শ্ৰীবাস্তৱ উপস্থিতিত থাকি অনুষ্ঠানটো অলংকৃত কৰে।
এই ৰেলীত ২০২২-২৩, ২০২৩-২৪ আৰু ২০২৪-২৫ বৰ্ষৰ বাবে ৰাজ্য পুৰস্কাৰ, যি ৰাজ্যপালৰ বঁটা বুলিও জনা যায়, লাভ কৰিবলৈ যোগ্যতা অৰ্জন কৰা স্কাউটছ, গাইডছ, ৰ’ভাৰছ আৰু ৰেঞ্জাৰছসকলক স্বীকৃতি প্ৰদান কৰা হয়। ২০২২-২৩ বৰ্ষত ৫ গৰাকী, ২০২৩-২৪ বৰ্ষত ১৩৫ গৰাকী আৰু ২০২৪-২৫ বৰ্ষত ১৮১ গৰাকী সদস্যই এই বঁটাৰ বাবে যোগ্যতা অৰ্জন কৰে। ৫ অক্টোবৰত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠানত বঁটাপ্ৰাপক, সাংস্কৃতিক আৰু বেণ্ড দল তথা উত্তৰ-পূব সীমান্ত ৰেলৱে ভাৰত স্কাউটছ এণ্ড গাইডছৰ বিভিন্ন জিলা সংস্থাৰ অহা বিষয়ববীয়াকে ধৰি মুঠ ২৯৩ গৰাকী অংশগ্ৰহণকাৰী উপস্থিত থাকে।
ৰাজ্য পুৰস্কাৰ, যি ৰাজ্যপালৰ বঁটা বুলিও জনা যায়, ই হৈছে স্কাউটছ, গাইডছ, ৰ’ভাৰছ আৰু ৰেঞ্জাৰছসকলৰ বাবে ৰাজ্যিক পৰ্যায়ৰ সৰ্বোচ্চ স্বীকৃতি। ৰে'লৱেৰ সংস্থাসমূহৰ ক্ষেত্ৰত সংশ্লিষ্ট জোনেল ৰে'লৱেৰ মুখ্য পৃষ্ঠপোষক তথা মহাপ্ৰবন্ধকে এই বঁটা প্ৰদান কৰে। প্ৰয়োজনীয় দক্ষতাৰ বেজ লাভ কৰাৰ লগতে যোগ্য পৰীক্ষকসকলে প্ৰাৰ্থীসকলৰ জ্ঞান আৰু দক্ষতা মূল্যায়ন কৰাৰ লগতে পাঁচদিনীয়া পৰীক্ষণ শিবিৰ সফলতাৰে সম্পূৰ্ণ কৰাৰ পিছতহে প্ৰাৰ্থীসকলে এই বঁটা লাভ কৰে। এই কৃতিত্বই যোগ্য সদস্যসকলক ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাষ্ট্ৰপতি পুৰস্কাৰৰ পৰীক্ষণ শিবিৰৰ বাবে প্ৰস্তুতি চলোৱাৰ সুযোগো প্ৰদান কৰে।
উত্তৰ-পূব সীমান্ত ৰেলৱেৰ ভাৰত স্কাউটছ এণ্ড গাইডছে কেইবাটাও ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা লাভ কৰাৰ লগতে সমৰ্পিত সমাজসেৱাৰ জৰিয়তেও বিশেষ সুনাম অৰ্জন কৰিছে। চলিত বৰ্ষত ২৪ গৰাকী স্কাউটছ, গাইডছ, ৰ’ভাৰছ আৰু ৰেঞ্জাৰছে সন্মানীয় ৰাষ্ট্ৰপতি বঁটা লাভ কৰাৰ বিপৰীতে ৯৪ গৰাকী কাবছ আৰু বুলবুলছে গোল্ডেন এৰ’ বঁটা লাভ কৰে। ২০২৬ বৰ্ষৰ অম্বুবাচী মেলাৰ সময়তচোৱাত ২২৫ গৰাকী সদস্যই কামাখ্যা ধামত তীৰ্থযাত্ৰীসকলক দিনে-নিশাই সহায়-সহযোগিতা আগবঢ়ায়। ইয়াৰ উপৰি, উত্তৰ-পূব সীমান্ত ৰেলৱে মহিলা কল্যাণ সংস্থাৰ সহযোগত স্বেচ্ছাসেৱকসকলে শিৱসাগৰ আৰু যোৰহাট জিলাৰ বানপীড়িত পৰিয়ালসমূহক বানসাহায্য প্ৰদান কৰে। তেওঁলোকৰ সেৱা কাৰ্যৰ ভিতৰত পৰিষ্কাৰ-পৰিচ্ছন্নতা অভিযান, পৰিৱেশ সজাগতা অভিযান, দক্ষতা বিকাশ কাৰ্যসূচী, পথ সুৰক্ষাৰ ওপৰত আধাৰিত বাটৰ নাট, খোৱাপানী বিতৰণ আৰু ৰে'লৱে ষ্টেচনসমূহত ভিৰ নিয়ন্ত্ৰণৰ দৰে কাৰ্যসূচীও অন্তৰ্ভুক্ত আছিল।
ৰাজ্য পুৰস্কাৰ ৰেলীয়ে উত্তৰ-পূব সীমান্ত ৰেলৱে ভাৰত স্কাউটছ এণ্ড গাইডছৰ অনুশাসন, নেতৃত্ব, দলীয় কামকাজ তথা সমাজসেৱাৰ প্ৰতি থকা দায়বদ্ধতাক পুনৰ প্ৰতিফলিত কৰি যুৱ সদস্যসকলৰ কৃতিত্বক স্বীকৃতি প্ৰদানৰ জৰিয়তে উত্তৰ-পূব সীমান্ত ৰেলৱে দায়িত্বশীল নাগৰিকত্ব আৰু স্বেচ্ছামূলক সেৱাৰ মনোভাৱক সদায় উৎসাহিত কৰি আহিছে, যি ৰে'লৱে আৰু সমাজৰ প্ৰতি অৰ্থপূৰ্ণ অৱদান আগবঢ়াবলৈ যুৱ সদস্যসকলক অনুপ্ৰাণিত কৰি আহিছে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী