এছিয়ান গেমছৰ স্বৰ্ণপদক বিজয়ী লাভলীনাক ক্ৰীড়ামন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ সম্বৰ্ধনা
গুৱাহাটী, ০৭ অক্টোবৰ (হি.স.)। জাপানত অনুষ্ঠিত ২০২৬ চনৰ এছিয়ান গেমছৰ ৭৫ কেজি বক্সিং শিতানত সোণৰ পদক লাভ কৰি দেশ তথা ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই অনা অসমৰ প্ৰখ্যাত বক্সাৰ লাভলীনা বৰগোঁহাইৰ সন্মানাৰ্থে আজি গুৱাহাটীৰ ৰেডিছন ব্লুত এক সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠ
এছিয়ান গেমছৰ স্বৰ্ণপদক বিজয়ী লাভলীনাক ক্ৰীড়ামন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ সম্বৰ্ধনা


গুৱাহাটী, ০৭ অক্টোবৰ (হি.স.)। জাপানত অনুষ্ঠিত ২০২৬ চনৰ এছিয়ান গেমছৰ ৭৫ কেজি বক্সিং শিতানত সোণৰ পদক লাভ কৰি দেশ তথা ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই অনা অসমৰ প্ৰখ্যাত বক্সাৰ লাভলীনা বৰগোঁহাইৰ সন্মানাৰ্থে আজি গুৱাহাটীৰ ৰেডিছন ব্লুত এক সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়।

অনুষ্ঠানত ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী বিশ্বজিৎ দৈমাৰী উপস্থিত থাকি লাভলীনাৰ অনন্য প্ৰদৰ্শনেৰে অসম তথা সমগ্ৰ ৰাষ্ট্ৰলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে অসম চৰকাৰ আৰু ৰাইজৰ হৈ খেলুৱৈগৰাকীক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনায়।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে কয় যে লাভলীনাৰ এই সাফল্য অসমৰ বাবে অত্যন্ত গৌৰৱৰ বিষয় আৰু ই ক্ৰীড়াৰ প্ৰতি থকা তেওঁৰ অসাধাৰণ নিষ্ঠা, অনুশাসন আৰু একাগ্ৰতাকে প্ৰতিফলিত কৰে। মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰখনক অধিক শক্তিশালী কৰাৰ লগতে খেলুৱৈসকলক উচ্চ পৰ্যায়ত প্ৰতিযোগিতা আগবঢ়াব পৰাকৈ উন্নত আন্তঃগাঁথনি, প্ৰশিক্ষণ আৰু সুযোগ প্ৰদান কৰিবলৈ অসম চৰকাৰ সদায় প্ৰতিশ্ৰুতিবদ্ধ।

এই সম্বৰ্ধনা অনুষ্ঠানটো অসম চৰকাৰৰ ক্ৰীড়া বিভাগৰ উদ্যোগত আৰু অসম এমেচাৰ বক্সিং সংস্থা (এ এ বি এ) তথা অসম অলিম্পিক সন্থাৰ সহযোগত আয়োজন কৰা হয়।

অনুষ্ঠানত দিছপুৰ সমষ্টিৰ বিধায়ক প্ৰদ্যুৎ বৰদলৈ, হাজো-শুৱালকুছিৰ বিধায়ক প্ৰকাশ চন্দ্ৰ দাস আৰু ডিমৰীয়াৰ বিধায়ক তপন দাস উপস্থিত থাকে। ইয়াৰ উপৰিও অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ, অসম এমেচাৰ বক্সিং সংস্থাৰ সভাপতি সিদ্ধাৰ্থ ভট্টাচাৰ্য, সাধাৰণ সম্পাদক হেমন্ত কলিতা, ক্ৰীড়া বিভাগৰ সঞ্চালক অংকুৰ ভৰালী, ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ (এছ এ আই) জ্যেষ্ঠ বিষয়াবৰ্গ আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

মন্ত্ৰীগৰাকীয়ে লাভলীনাক তেওঁৰ ভৱিষ্যতৰ খেলসমূহৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে আৰু অসমৰ নৱপ্ৰজন্মৰ খেলুৱৈসকলক অনুপ্ৰাণিত কৰি দেশলৈ অধিক সাফল্য কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande